ETV Bharat / sports

কলকাতাক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 10:51 PM IST

Updated : Apr 9, 2024, 6:35 AM IST

CSK vs KKR: আই পি এল ২০২৪ৰ ২২ সংখ্যক খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ ৷ কলকাতাই প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত চেন্নাইয়ে ১৭.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৪১ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে ।

CSK vs KKR IPL 2024 LIVE SCORE
চেন্নাইক জয়ৰ বাবে ১৩৮ ৰানৰ লক্ষ্য বান্ধি দিলে কলকাতাই

স্পৰ্টছ ডেস্ক, ৮ এপ্ৰিল: আই পি এল ২০২৪ৰ ২২ সংখ্যক মেচত সোমবাৰে চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে । একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পিচত চেন্নাইয়ে ঘৰুৱা খেলপথাৰত পুনৰ জয়ৰ সোৱাদ লাভ কৰাৰ বিপৰীতে কেকেআৰে আইপিএলৰ চলিত ছিজনত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদে ৫৮টা বলত ৯টা চাৰিৰ সহায়ত অপৰাজিত ৬৭ ৰানৰ এটা সুন্দৰ ইনিংছ খেলি চেন্নাইক জয়ৰ দিশত আগুৱাই লৈ গৈছিল । চেন্নাইয়ে প্ৰথম দুখন মেচত জয়লাভ কৰিছিল যদিও যোৱা দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ বাবেই ৰুতুৰাজৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও এই মেচত ভাল প্ৰদৰ্শন কৰি তেওঁ নিজৰ সমালোচকৰ উত্তৰ দিছিল ।

চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদে টছত জয়লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । স্পিনাৰ ৰবীন্দ্ৰ জাদেজা আৰু বেগী বলাৰ তুষাৰ দেশপাণ্ডেৰ তিনিটাকৈ উইকেটৰ সহায়ত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৩৭ ৰানত ৰুদ্ধ কৰে ।

কেকেআৰৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩২টা বলত তিনিটা চাৰিৰ সহায়ত ৩৪ ৰানৰ সৰ্বাধিক ইনিংছ খেলে । সুনীল নাৰিনে ৩টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২০টা বলত ২৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অংকৃশ ৰঘুবংশীৰ সৈতে তেওঁ দ্বিতীয় উইকেটৰ বাবে ৫৬ ৰানৰ অংশীদাৰিত্ব কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অংকৃশ ৰঘুবংশীয়ে ১৮টা বলত তিনিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৪ ৰানৰ বৰঙণি আগবঢ়ায় । কে কে আৰৰ বাবে নৰিন আৰু ৰঘুবংশীৰ মাজত মাত্ৰ অৰ্ধ শতকীয় অংশীদাৰিত্ব আছিল আৰু এই অংশীদাৰিত্ব বিচ্ছিন্ন হোৱাৰ পিচত কে কে আৰৰ বেটিং অৰ্ডাৰ সম্পূৰ্ণৰূপে বিভাজিত হৈ শেষলৈকে পুনৰ উভতি আহিব নোৱাৰিলে ।

ইফালে এই জয়ৰ পাছত চেন্নাই দলে তিনিখন জয় আৰু দুখন পৰাজয়ৰ সৈতে পাঁচখন খেলৰ পৰা ৬ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে । অৱশ্যে এই পৰাজয়ৰ মাজতো ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে কলকাতা দল । প্ৰথম নম্বৰত আছে ৰাজস্থান ৰয়েলছৰ দল, যিয়ে চাৰিখন মেচৰ চাৰিওখনতে জয়লাভ কৰি ৮ পইণ্টেৰে শীৰ্ষত আছে । এতিয়া ৰাজস্থান দল হৈছে প্ৰতিযোগিতাখনৰ একমাত্ৰ দল যিয়ে এতিয়ালৈকে এখনো মেচত পৰাস্ত হোৱা নাই ।

লগতে পঢ়ক: দিল্লীৰ বিৰুদ্ধে 29 ৰাণত জয়লাভ মুম্বাইৰ - IPL 2024

Last Updated :Apr 9, 2024, 6:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.