ETV Bharat / sports

দিল্লীৰ বিৰুদ্ধে 29 ৰাণত জয়লাভ মুম্বাইৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 3:13 PM IST

Updated : Apr 7, 2024, 8:25 PM IST

Today IPL Match : ৱাংখেড়েত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 29 ৰাণত পৰাস্ত দিল্লী কেপিটেলছ ৷ চলিত সংস্কৰণত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো জয় ৷

Today IPL Match
মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি দিল্লী কেপিটেলছ

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2024ৰ 20 সংখ্যক মেচখনত দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিছে ৷ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত মুম্বাই দলে দিল্লীক 29 ৰাণত পৰাস্ত কৰে ৷ এইয়া হৈছে আই পি এলৰ চলিত সংস্কৰণত মুম্বাইৰ প্ৰথমটো জয় ৷

ইতিমধ্যে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই দলে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 234 ৰাণ ৷ তাৰকা বেটছমেন তথা অপেনাৰ ৰোহিত শৰ্মাই 27 টা বলত 49 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ উইকেট কীপাৰ ইশাণ কিষণে সংগ্ৰহ কৰে 42 ৰাণ ৷ টিম ডাভিদে 45 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰোমাৰিঅ’ শ্বেফাৰ্ড আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়াই 39 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ইফালে বিৰতিৰ অন্তত আজিৰ মেচত দললৈ প্ৰত্যাৱৰ্তন ঘটা সূৰ্যকুমাৰ যাদৱ চূড়ান্ত ব্যৰ্থ হয় ৷ 2 টা বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয় তাৰকা বেটছমেনজন ৷

আনহাতে 235 ৰাণৰ বৃহৎ লক্ষ্য আগত লৈ দিল্লী কেপিটেলছে শক্তিশালী প্ৰত্যাহ্বানেৰে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 205 ৰাণতে থমকি ৰয় ৷ দলৰ হৈ ট্ৰিষ্টান ষ্টাবে সৰ্বাধিক (অপৰাজিত) 71 ৰাণৰ বৰঙণি আগবঢ়াই ৷ অপেনিং বেটছমেন পৃথ্বী শ্বই 66 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷

উল্লেখ্য যে, আই পি এলৰ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ দলে চলিত সংস্কৰণত এইয়া প্ৰথমটো বিজয় সাব্যস্ত কৰিছে ৷ পূৰ্বৰ 3 খন মেচতে পৰাজয়ৰ সন্মুখীন হৈছিল দলটো ৷ এই হতাশাজনক প্ৰদৰ্শনৰ বাবে অনুৰাগীৰ সমালোচনাৰো সন্মুখীন হৈছে দলটো তথা অধিনায়ক হাৰ্দিক পাণ্ডিয়া ৷

লগতে পঢ়ক : দিল্লী কেপিটেলছৰ প্ৰদৰ্শনত লজ্জিত মুখ্য প্ৰশিক্ষক পন্টিং - IPL 2024

Last Updated :Apr 7, 2024, 8:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.