ETV Bharat / sports

ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক সলনি; কোন হ'ল নতুন অধিনায়ক ? - INDIAN WOMENS HOCKEY TEAM

Salima Tete replaces Savita Punia as Skipper: ভাৰতীয় মহিলা হকী দলত পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে । দলটোৰ অধিনায়কত্বৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হৈছে । সবিতাৰ ঠাইত নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ছালিমাক । পঢ়ক সম্পূৰ্ণ খবৰ...

INDIAN WOMENS HOCKEY TEAM
Salima Tete replaces Savita Punia as Skipper (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 10:29 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২ মে': ভাৰতীয় মিডফিল্ডাৰ ছালিমা টেটেক বৃহস্পতিবাৰে অভিজ্ঞ গ’লৰক্ষক সবিতা পুনিয়াৰ ঠাইত ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া এফ আই এইচ প্ৰ’ লীগত বেলজিয়াম আৰু ইংলেণ্ডৰ লেগত ২৪ জনীয়া ভাৰতীয় মহিলা হকী দলক নেতৃত্ব দিব ছালিমাই । এই ভ্ৰমণৰ বাবে নৱনীত কৌৰক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

অধিনায়ক হোৱাৰ পাছত ছালিমাই কয়, "মই সুখী যে মোক দলটোৰ নেতৃত্ব দিবলৈ নিযুক্তি দিয়া হৈছে । এইটো এটা ডাঙৰ দায়িত্ব আৰু মই এই নতুন ভূমিকাৰ বাবে আগ্ৰহী । আমাৰ এটা শক্তিশালী দল আছে আৰু ইয়াত অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ মিশ্ৰণ আছে । আগন্তুক বেলজিয়াম আৰু ইংলেণ্ডৰ এফ আই এইচ হকী প্ৰ’ লীগ ২০২৩-২০২৪ ৰ পৰ্যায়ত আমি এক শক্তিশালী প্ৰদৰ্শন আগবঢ়াব বিচাৰিছো । আমি যিবোৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সেইবোৰৰ ওপৰত কাম কৰিছো ।"

অলিম্পিকৰ যোগ্যতা অৰ্জনৰ অসফল অভিযান আৰু পৰৱৰ্তী সময়ত ঘৰুৱা প্ৰ’ লীগৰ মেচত হতাশাজনক প্ৰদৰ্শনৰ বাবে সবিতাক অধিনায়কৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে । এই দলটোত তিনিটা পৰিৱৰ্তন হৈছে । ইয়াৰ বাহিৰে দলটো সেইটোৱেই থাকিব, যিটোৱে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰ’ লীগৰ ভুৱনেশ্বৰ আৰু ৰৌৰকেলা পৰ্যায়ত অংশগ্ৰহণ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিফেণ্ডাৰ গুৰজিত কৌৰ, মিড ফিল্ডাৰ ছোনিকা, নিশা আৰু ষ্ট্ৰাইকাৰ বিউটি ডাংডাঙক বাদ দিয়া হৈছে । তেওঁলোকক এই দলৰ পৰা আঁতৰাই দিয়া হৈছে । তেওঁলোকৰ ঠাইত মহিমা চৌধাৰী, মনীষা চৌহান, প্ৰীতি ডুবে আৰু দীপিকা সোৰেঙক অন্তৰ্ভুক্ত কৰা হৈছে ।

বেলজিয়ামত মেচ ২২ মে’ৰ পৰা আৰম্ভ হৈ ২৬ মে’ত শেষ হ’ব, আনহাতে ইংলেণ্ডত ১ জুনত আৰম্ভ হ’ব আৰু ৯ জুনত শেষ হ’ব । ২২ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ সময়ত ভাৰতে দুবাৰকৈ আৰ্জেণ্টিনা আৰু বেলজিয়ামৰ বিৰুদ্ধে খেলিব ।

লণ্ডন পৰ্যায়ত দলটোৱে গ্ৰেট ব্রিটেইন আৰু জার্মানীৰ বিৰুদ্ধে খেলিব ৷ বৰ্তমান ভাৰতে ৮ পইণ্ট লাভ কৰি এফ আই এইচ প্ৰ’ লীগ তালিকাৰ ষষ্ঠ স্থানত আছে ।

ভাৰতীয় মহিলা হকী দল

  • গ’লৰক্ষক : সবিতা, বিচু দেৱী খাৰিবাম ।
  • ডিফেণ্ডাৰ : নিকি প্ৰধান, উদিতা, ইশিকা চৌধুৰী, মনিকা, জ্যোতি ছেত্ৰী, মহিমা চৌধাৰী ।
  • মিডফিল্ডাৰ : ছালিমা টেটে (C), বৈষ্ণৱী বিঠাল ফালকে, নৱনীত কৌৰ (VC), নেহা, জ্যোতি, বলজীত কৌৰ, মনীষা চৌহান, লালৰেমছিয়ামী ।
  • ফৰৱাৰ্ড: মুমতাজ খান, সংগীতা কুমাৰী, দীপিকা, শৰ্মিলা দেৱী, প্ৰীতি ডুবে, বন্দনা কাটাৰিয়া, সুনেলিতা টপ্পো, দীপিকা সোৰেং ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফী 2025 ; ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - Champion Trophy 2025 Pakistan