ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ: সময়সূচী প্ৰকাশ বিচিচিআইৰ - SOUTH AFRICA TOUR OF INDIA

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:27 AM IST

SOUTH AFRICA WOMEN CRICKET TEAM : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকা মহিলা দলৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী । ইয়াৰ ভিতৰত আছে তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টী-২০ খেলৰ কাৰ্যসূচী ৷ অৱশ্যে এদিনীয়া খেলখন ২০২২-২০২৫ আইচিচি মহিলা চেম্পিয়নশ্বিপৰ এটা অংশ ।

SOUTH AFRICA TOUR OF INDIA
দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ (SOURCE : ANI)

স্প’ৰ্টছ ডেস্ক, 15 মে’: ক্ৰিকেটৰ প্ৰতি কাৰণো নাই আকৰ্ষণ ? পুৰুষ দলৰ সমানে সমানে জনপ্ৰিয়তা বৃদ্ধি পাইছে মহিলা ক্ৰিকেট দলৰো ৷ সেয়ে আজি লৈ আহিছো ক্ৰিকেটপ্ৰেমীৰ বাবে এক সুখবৰ ৷

ভাৰত ভ্ৰমণলৈ আহি আছে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দল ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআয়ে মঙলবাৰে আগন্তুক দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়সূচী ঘোষণা কৰে ।

বিচিচিআয়ে ঘোষণা কৰা এই কাৰ্যসূচী অনুসৰি, দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতত তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টী-২০ খেলত অংশগ্ৰহণ কৰিব ৷ এই ঘৰুৱা শৃংখলা ক্ৰমে ১৬, ১৯ আৰু ২৩ জুনত বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ এদিনীয়া খেলখনৰ পৰাই আৰম্ভ হ’ব এই শৃংখলা ৷

উল্লেখ্য যে, এদিনীয়া খেলখন অনুষ্ঠিত হ’ব বেংগালুৰুৰ মাজমজিয়াত অৱস্থিত এম চিন্নাস্বামী ষ্টেডিয়ামত ৷ যিখন খেল ২০২২-২০২৫ আইচিচি মহিলা চেম্পিয়নশ্বিপৰ এটা অংশ ।

ইয়াৰ পিছত ২৮ জুনৰ পৰা ১ জুলাইলৈ চেন্নাইত অনুষ্ঠিত হ’ব চাৰিদিনীয়া টেষ্ট খেলখন ৷ পৰৱৰ্তী সময়ত ক্ৰমে ৫, ৭ আৰু ৯ জুলাইত এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব তিনিখন টী-২০ খেল ৷

আনহাতে, দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৱে ১৩ জুনৰ পৰা এম চিন্নাস্বামী ষ্টেডিয়ামত ব'ৰ্ড প্ৰেচিডেণ্ট ইলেভেনৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব এক ৱাৰ্ম আপ মেচত ৷ পুৰুষ দলটোৰ তুলনাত ভাৰতীয় মহিলা দলটোৱে পলমকৈ হ’লেও অংশগ্ৰহণ কৰে টেষ্ট মেচত ৷

আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকা এটা অতিকৈ শক্তিশালী দল হিচাপে পৰিচিত হৈছে ৷ এই দলটোৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চিৰিজটোত অংশগ্ৰহণ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটো লাভান্বিত হোৱাৰ পোষকতা কৰিছে বিচিচিআয়ে ৷

লগতে পঢ়ক: বাংলাদেশক ৫-০ ব্যৱধানত ধূলিসাৎ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - Bangladesh Women Vs India Women

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.