ETV Bharat / sports

বাংলাদেশক ৫-০ ব্যৱধানত ধূলিসাৎ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - Bangladesh Women vs India Women

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:48 PM IST

Indian womens cricket team: পাঁচখনীয়া মেচৰ T-২০ শৃংখলাত বাংলাদেশৰ মহিলা ক্ৰিকেট দলক ভাৰতীয় দলে ধূলিসাৎ কৰিছে। পঞ্চমখন খেলত ৰাধা যাদৱ আৰু আশা শোভানাৰ বিস্ফোৰক বলিঙৰ ফলত ভাৰতীয় মহিলা দলে ৫ খনীয়া মেচৰ শৃংখলাটো দখল কৰে ৷

Indian womens cricket team
বাংলাদেশক ৫-০ ব্যৱধানত পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, 9 মে’ : ভাৰতীয় মহিলা ক্ৰিকেট দলে বাংলাদেশৰ বিৰুদ্ধে খেলা পাঁচখনীয়া মেচৰ T-20 শৃংখলা 5-0 ব্যৱধানত জয়লাভ কৰিছে ৷ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত টীম ইণ্ডিয়াই আজি খেলা পঞ্চম T-২০ মেচখনত বাংলাদেশ মহিলা ক্ৰিকেট দলক 21 ৰাণত পৰাস্ত কৰে আৰু শৃংখলাটো ক্লীন চুইপ কৰে ৷ পঞ্চম T-২০ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে 20 অভাৰত 5 টা উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে ৷ এই লক্ষ্যৰ পিছে পিছে বাংলাদেশৰ দলটোৱে 20 অভাৰত 6 টা উইকেটত মাত্ৰ 135 ৰাণ সংগ্ৰহ কৰে আৰু মেচখনত 21 ৰাণত পৰাস্ত হয় ৷

ভাৰতৰ হৈ স্মৃতি মান্ধনাই 25 টা বলত 4 টা চাৰি আৰু 1 টা ছয়ৰ সহায়ত 33 ৰাণ সংগ্ৰহ কৰে ৷ দয়ালান হেমলতাই 28 টা বলত 2 টা চাৰি আৰু 2 টা ছয়েৰে 37 ৰাণ সংগ্ৰহ কৰে ৷ হৰমনপ্ৰীত কৌৰে 4 টা চাৰিৰ সহায়ত 24 টা বলত 30 ৰাণ সংগ্ৰহ কৰে শ্বেফালী বাৰ্মাই 14 ৰাণ আৰু ৰিচা ঘোষে 28 ৰাণ সংগ্ৰহ কৰে ৷ ৰবিয়া আৰু নাহিদাই বাংলাদেশৰ 2-2 টাকৈ উইকেট দখল কৰে ৷ বাংলাদেশৰ হৈ শীৰ্ষ স্ক'ৰ কৰে ৰিতু মণিয়ে (37) ৷ ৰবেয়াই 20 আৰু শোৰিফা খাতুনে 28 ৰাণৰ অৱদান আগবঢ়াই ৷ কিন্তু তেওঁলোকৰ ইনিংছে বাংলাদেশক জয়ৰ সোৱাদ দিব নোৱাৰিলে ৷ ভাৰতৰ হৈ ৰাধা যাদৱে 3 টা আৰু আশা শোভানাই 2 টা উইকেট লাভ কৰে ৷

এই শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক 44 ৰাণত পৰাস্ত কৰে ৷ দ্বিতীয়খন খেলত বাংলাদেশ ভাৰতৰ হাতত 19 ৰাণত পৰাজিত হয় ৷ এই শৃংখলাৰ তৃতীয়খন খেলত টীম ইণ্ডিয়াই 7 উইকেটত জয়লাভ কৰে আৰু শৃংখলাটো দখল কৰে ৷ ইয়াৰ পিচত, তেওঁলোকে চতুৰ্থখন মেচত 56 ৰাণৰ এক চমৎকাৰ বিজয় লাভ কৰে আৰু পঞ্চমখন মেচত বাংলাদেশক 21 ৰাণত পৰাস্ত কৰে আৰু শৃংখলাটোত ক্লিন চুইপ কৰে ৷

লগতে পঢ়ক : এফ আই এইচ হকী প্ৰ' লীগ 2023-24ৰ বাবে পুৰুষ হকী দলৰ নাম ঘোষণা - FIH Pro League 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.