ETV Bharat / sports

অল ইংলেণ্ড অপেনৰ ছেমিত লক্ষ্য সেন

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 12:51 PM IST

অল ইংলেণ্ড অপেনৰ ছেমিত লক্ষ্য সেন
অল ইংলেণ্ড অপেনৰ ছেমিত লক্ষ্য সেন

Lakshya Sen into AEO Semis : ভাৰতীয় তাৰকা শ্বাটলাৰ লক্ষ্য সেন অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ । শুকুৰবাৰে বাৰ্মিংহামৰ ইউনাইটেড এৰেনাত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ লী জি জিয়াক পৰাস্ত কৰি তেওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰে । শনিবাৰে তেওঁ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ জনাথন ক্ৰিষ্টিৰ মুখামুখী হ'ব ।

স্পৰ্টছ ডেস্ক, ১৬ মাৰ্চ : শুকুৰবাৰে বাৰ্মিংহামৰ ইউনাইটেড এৰেনাত অনুষ্ঠিত অল ইংলেণ্ড অপেন বেডমিণ্টনৰ এক উত্তেজনামূলক কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে জয়লাভ কৰে । তেওঁ মালয়েছিয়াৰ শ্বাটলাৰ লী জি জিয়াৰ বিৰুদ্ধে দৰ্শনীয় বিজয় সাব্যস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

লক্ষ্য সেনে প্ৰাক্তন চেম্পিয়নগৰাকীক ২০-২২, ২১-১৬, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে । প্ৰথম ছেটটো নিকটতম ব্যৱধানত পৰাস্ত হোৱাৰ পিচত তেওঁ যথেষ্ট সাহসিকতাৰে প্ৰত্যাৱৰ্তন কৰে । লক্ষ্য আৰু বিশ্বৰ দশম স্থানপ্ৰাপ্ত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে সমগ্ৰ মেচখনত নিজৰ দক্ষতা আৰু দৃঢ়তাৰ এক অবিশ্বাস্য প্ৰদৰ্শন কৰে । মেচখন এক ঘণ্টা ১০ মিনিট সময় ধৰি চলে ।

উল্লেখ্য যে ২০২২ চনত ৰানাৰ-আপ হোৱাৰ পিচত ২২ বছৰীয়া যুৱ তাৰকাগৰাকী দ্বিতীয়বাৰৰ বাবে সন্মানীয় প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । তেওঁ অভিজ্ঞ শ্বাটলাৰ প্ৰকাশ পাডুকন (১৯৮১) আৰু পুল্লেলা গোপীচান্দৰ (২০০১) অভিজাত ক্লাবত যোগদান কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে । কিয়নো তেওঁ যদি এই খিতাপ জয় কৰে তেন্তে ২৩ বছৰ বয়সৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেশৰ হৈ অল-ইংলেণ্ড চেম্পিয়নশ্বিপ দখল কৰিব ।

উল্লেখ্য যে বিশ্ব ৰেংকিঙৰ অষ্টাদশ স্থানপ্ৰাপ্ত খেলুৱৈগৰাকী হৈছে অল ইংলেণ্ড অপেনত টিকি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ । ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডত অপ্ৰত্যাশিতভাৱে বিশ্বৰ এক নম্বৰ দ্বৈত যুটি সাত্ত্বিকসাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে প্ৰতিযোগিতাখনৰ পৰা বিদায় লয় । আনহাতে, দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধু মহিলাৰ এককৰ দ্বিতীয় ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ এন ছে ইয়ঙৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয় ।

উদ্বোধনী গেমত ২০-২২ ব্যৱধানত এক উত্তেজনাপূৰ্ণ খেলত পৰাস্ত হোৱাৰ পিচত ২২ বছৰীয়া লক্ষ্যক প্ৰতিদ্বন্দ্বী শ্বাটলাৰগৰাকীয়ে যথেষ্ট চাপত পেলাইছিল । লীয়ে সকলো প্ৰকাৰৰ শ্বট সুন্দৰভাৱে প্ৰয়োগ কৰি আক্ৰমণাত্মক স্মেচিঙৰ জৰিয়তে লক্ষ্যক পৰাস্ত কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু লক্ষ্যৰ দৃঢ়তাপূৰ্ণ প্ৰতিৰক্ষাই তেওঁৰ আক্ৰমণাত্মক শ্বট আয়ত্ত কৰাত সহায় কৰে । আনহাতে, লক্ষ্যই যেতিয়া দেখিছিল যে লী ভাঙি ভাগৰি পৰিছে, তেতিয়াই সেই সুযোগৰ সদ্ব্যৱহাৰ কৰে ।

তেওঁ চকুৰ পলকতে খেলৰ গতি নিজৰ ফালে সলনি কৰে আৰু 14-16-ৰ পৰা পোনপটীয়াকৈ সাত পইণ্ট অৰ্জন কৰি নিৰ্ণায়ক গেমটো দখল কৰে ।

তৃতীয় আৰু অন্তিম গেমটোও পুনৰবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈ উঠে । লক্ষ্যই তেওঁৰ ফালে অহা সকলো স্মেছ ৰক্ষা কৰি তৃতীয় ছেটটো নিয়ন্ত্ৰণলৈ আনে আৰু কিছু অতিৰিক্ত আক্ৰমণ প্ৰদৰ্শন কৰে । এটা সময়ত তেওঁ ১৯-১৫ ব্যৱধানত আগবাঢ়ি এক সহজ জয়ৰ বাবে আগবাঢ়ি যোৱা যেন দেখা গৈছিল । কিন্তু লীয়ে প্ৰত্যাক্ৰমণ কৰি চাৰিটা পোনপটীয়া পইণ্ট লাভ কৰি স্ক'ৰত সমতা স্থাপন কৰে । যাৰ ফলত এই প্ৰতিদ্বন্দ্বিতা তীব্ৰ উত্তেজনামূলক হৈ উঠে । কিন্তু লক্ষ্যই গুৰুত্বপূৰ্ণ অন্তিম দুটা পইণ্ট জয় কৰি ২১-১৯ ব্যৱধানত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

এতিয়া শনিবাৰে ছেমি ফাইনেলত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ জনাথন ক্ৰিষ্টিৰ মুখামুখী হ'ব । মেচখন ভাৰতীয় সময় মতে আবেলি ৪.৫০ বজাত আৰম্ভ হ'ব ।

লগতে পঢ়ক :বিদৰ্ভক পৰাস্ত কৰি 42সংখ্যক বাৰৰ বাবে ৰঞ্জী খিতাপ দখল মুম্বাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.