ETV Bharat / sports

মহিলা টি-২০ এছিয়া কাপৰ সময়সূচী ঘোষণা; পাকিস্তানৰ সৈতে একেটা গ্ৰুপত ভাৰত - ACC Womens T20 Asia Cup 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 3:21 PM IST

মহিলা টি-২০ এছিয়া কাপৰ সময়সূচী ঘোষণা
মহিলা টি-২০ এছিয়া কাপৰ সময়সূচী ঘোষণা

Women's T20 Asia Cup 2024 : এছিয়ান ক্ৰিকেট কাউন্সিলে আগন্তুক মহিলা এছিয়া কাপ টি-২০ প্ৰতিযোগিতাৰ সময়সূচী প্ৰকাশ কৰিছে । ঘোষিত সময়সূচী অনুসৰি, অহা ১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ৯ দিন ধৰি চলিবলগা প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব আৰু কেৱল মহিলা আম্পায়াৰে খেল পৰিচালনা কৰিব ।

স্পৰ্টছ ডেস্ক, ২৭ মাৰ্চ : মহিলা এছিয়া কাপ টি-২০ প্ৰতিযোগিতাৰ সময়সূচী প্ৰকাশ কৰা হৈছে । এছিয়ান ক্ৰিকেট কাউন্সিলে বুধবাৰে ঘোষণা কৰে এই সূচী । ঘোষিত সূচী অনুসৰি, বৰ্তমানৰ চেম্পিয়ন ভাৰত আৰু চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক একেটা গ্ৰুপতে ৰখা হৈছে । উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে 19 জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত আয়োজন কৰিছে মহিলা এছিয়া কাপ টি-20 চেম্পিয়নশ্বিপ ।

প্ৰতিযোগিতাখনৰ আটাইতকৈ হাই প্ৰফাইল ভাৰত-পাকিস্তানৰ মেচ ২১ জুলাইত অনুষ্ঠিত হ'ব । ইতিহাসৰ আটাইতকৈ সফল দল ভাৰতে প্ৰতিযোগিতাখনত ইতিমধ্যে সাতটা খিতাপ দখল কৰিছে ।

উইমেন ইন ব্লুৰ সৈতে গ্ৰুপ-এত পাকিস্তানৰ উপৰি সংযুক্ত আৰব আমিৰেটছ (ইউএই) আৰু নেপাল আছে । আনহাতে, আয়োজক শ্ৰীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ-বিত ৰখা হৈছে ।

প্ৰতিযোগিতাখন মাত্ৰ ন দিনৰ ভিতৰত খেলা হ'ব আৰু মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব । বিগত সংস্কৰণতকৈ এটা অতিৰিক্ত দলে এইবাৰ অংশগ্ৰহণ কৰিব । প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ২৬ জুলাইত ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । ফাইনেলখন ২৮ জুলাইত অনুষ্ঠিত হ'ব ।

"মহিলা ক্ৰিকেটৰ বৰ্ধিত জনপ্ৰিয়তা আৰু গুৰুত্ব প্ৰতিফলিত কৰি দলসমূহৰ মাজত বৰ্ধিত অংশগ্ৰহণ আৰু প্ৰতিযোগিতামূলক ভাব দেখি আমি উৎসাহিত হৈছোঁ । ২০১৮ চনত ছয়টা দলৰ পৰা ২০২২ চনত সাতটালৈকে আৰু এতিয়া আঠটা দললৈ এই সম্প্ৰসাৰণে মহিলাৰ খেল আৰু এছিয়ান ক্ৰিকেটত বৰ্ধিত প্ৰতিভাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ ।" এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) সভাপতি জয় শ্বাহে ইএছপিএন-ক্ৰিক-ইনফোৰ আগত এইদৰে কয় ।

আনহাতে, উপমহাদেশীয় চেম্পিয়নশ্বিপত পূৰ্বৰ সংস্কৰণৰ দৰে কেৱল মহিলা আম্পায়াৰহে থাকিব । ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া আৰু বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে এই প্ৰতিযোগিতাখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

সময়সূচী:

জুলাই 19 -- পাকিস্তান বনাম নেপাল, ভাৰত বনাম ইউএই

জুলাই 20 -- মালয়েছিয়া বনাম থাইলেণ্ড, শ্ৰীলংকা বনাম বাংলাদেশ

জুলাই 21 -- নেপাল বনাম ইউএই, ভাৰত বনাম পাকিস্তান

জুলাই 22 -- শ্ৰীলংকা বনাম মালয়েছিয়া, বাংলাদেশ বনাম থাইলেণ্ড

জুলাই 23 -- পাকিস্তান বনাম ইউএই, ভাৰত বনাম নেপাল

জুলাই 26 -- ছেমি ফাইনেল

জুলাই 28 -- ফাইনেল

লগতে পঢ়ক :বিশ্বকাপ ফুটবল কোৱালিফায়াৰ; আফগানিস্তানৰ হাতত অপ্ৰত্যাশিত পৰাজয় ভাৰতৰ - India Loose Fifa Qualifier Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.