ETV Bharat / politics

নতুন ভোটাৰৰ মনৰ কথা: কেনে প্ৰাৰ্থী বিচাৰে সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ? - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:12 PM IST

LS polls 2024: লোকসভা নিৰ্বাচনত প্ৰাৰ্থীৰ পৰা কি আশা কৰে নতুন ভোটাৰসকলে । এই সন্দৰ্ভত গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মনৰ বতৰাৰে এক বিশেষ প্ৰতিবেদন...

Lok Sabha election 2024
Youth voters

যুৱ ভোটাৰৰ মনৰ কথা

গুৱাহাটী, ৫ এপ্ৰিল: সমাগত দেশৰ লোকসভা নিৰ্বাচন । ইতিমধ্যে ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে কুচকাৱাজ চলোৱা দেখা গৈছে । নিজ নিজ দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৰাজনীতিৰ ৰথী-মহাৰথীৰ পৰা নেতা-পালিনেতালৈকে সকলোৱেই নামি পৰিছে ৰাজনীতিৰ ৰণক্ষেত্ৰত । অহা 19 এপ্ৰিলৰ পৰা 7 মে'লৈকে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত, 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু 7 মে'ত তৃতীয় পৰ্যায়ত অসমৰ মুঠ 14 টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

এইবাৰ নিৰ্বাচনত ভোটাৰ কোন দল বা কোন প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষিত হ'ব ? প্ৰাৰ্থীৰ পৰা কি আশা কৰে ভোটাৰ ৰাইজে ? যুৱ তথা নতুন ভোটাৰসকলৰ আকাংক্ষা কি ? এই সন্দৰ্ভত ই টিভি ভাৰতে অসমৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মতামত গ্ৰহণ কৰি আহিছে । গুৱাহাটী মহানগৰীস্থিত অসমৰ নাৰী শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও আগবঢ়াইছে নিজৰ মতামত ।

সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কয় যে ভোটাৰ হিচাপে তেওঁ এনে এগৰাকী প্ৰাৰ্থী বিচাৰে যি দিল্লীৰ সংসদত গৈ অসমৰ সমস্যাসমূহ সবলভাৱে উত্থাপন কৰিব পাৰে । মৌনতা পৰিহাৰ কৰি সদনত সদা সৰব হৈ থকা নেতাকেই পছন্দ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

আন এগৰাকী শিক্ষাৰ্থীয়ে কয় যে যি দলৰেই চৰকাৰ নহওক কিয় জনপ্ৰতিনিধিয়ে সকলোকে সমান মনোভাৱেৰে গুৰুত্ব প্ৰদান কৰি ৰাইজৰ সমস্যা সমাধানৰ বাবে কাম কৰা উচিত । তাৰোপৰি এক সুস্থ ৰাজনৈতিক বাতাৱৰণ বজাই ৰাখিব পৰা ৰাজনৈতিক নেতা জয়ী হোৱাটো তেওঁলোকে বিচাৰে ।

ছাত্ৰীসকলে প্ৰধানতঃ মূল্যবৃদ্ধি প্ৰতিৰোধ, শিক্ষাখণ্ডৰ উন্নয়ন, স্বাস্থ্যখণ্ডৰ উন্নয়ন, নিয়োগ বৃদ্ধি আদিত গুৰুত্ব প্ৰদানৰ বাবে আহ্বান জনায় । কেৱল চৰকাৰী খণ্ডতে নহয় আন ব্যক্তিগত খণ্ডতো যাতে যুৱক-যুৱতীৰ নিয়োগৰ বাট মুকলি কৰিব পৰা যায়, তাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদানৰ বাবে দাবী জনোৱা দেখা যায় ।

লগতে পঢ়ক: নতুন ভোটাৰৰ মনৰ কথা: তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱ ভোটাৰে কেনে নেতা বিচাৰে ? - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.