ETV Bharat / politics

চৰকাৰক কিয় সমৰ্থন কৰিছে বুজাই দিলে কংগ্ৰেছ বিধায়ক বসন্ত দাসে

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:21 PM IST

Darrang-Udalguri constituency: দৰং-ওদালগুৰি সমষ্টিত সাম্ভাব্য কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে নিৰ্বাচনত বসন্ত দাসৰ সহায় নালাগে বুলি কৰা মন্তব্যৰ পিচতেই জিলা কংগ্ৰেছত খহনীয়া । বিজেপিৰ প্ৰশংসাত পঞ্চমুখ মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ ।

MLA Basanta Das press Meet
বিধায়ক বসন্ত দাস

বিধায়ক বসন্ত দাস

মঙলদৈ, ৮ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । আৰম্ভ হৈছে বাকযুদ্ধ । এটা দলত থাকি আন এটা দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা নেতাক লৈ চলিছে চৰ্চা । এই নিৰ্বাচনত এনে নেতাই দলক চিপৰাং মাৰিবলৈ আৰম্ভ কৰিছে নতুন কৌশল । কংগ্ৰেছত এতিয়া এনে নেতাৰ নাই অভাৱ । ইতিমধ্য়ে দল ত্য়াগ নকৰিলেও বিজেপিৰ প্ৰসংশাত উটি-ভাহি গৈছে এনে নেতা । এনে এগৰাকী নেতাই আজি দৰঙত বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । চৰকাৰৰ বিকাশ যাত্ৰাত দৰং জিলাখনৰ সকলো সমষ্টিতে ৰাইজ উপকৃত কৰা বুলি স্বীকাৰ কৰিলে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা প্ৰাকক্ষণত দৰং কংগ্ৰছত বৃহৎ খহনীয়া ৷ দৰঙত বৃহৎসংখ্যক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে । ইয়াৰ পিচতেই মঙলদৈ সমষ্টিৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসে এক সংবাদমেল সম্বোধন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাম-কাজৰ শলাগ ল'বলৈকেই বিধায়ক বসন্ত দাসে খৰতকীয়াকৈ এই সংবাদমেলখনৰ আয়োজন কৰে । উক্ত সংবাদমেলত তেওঁ কয়," মঙলদৈ সমষ্টিত উন্নয়নৰ ধাৰা দেখিবলৈ পায়েই মই বিজেপি চৰকাৰক মুকলিভাৱে সমৰ্থন কৰিছোঁ । "

মঙলদৈ সমষ্টিৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসে পুনৰ কয়," মঙলদৈ সমষ্টিত মেডিকেল কলেজকে ধৰি আন বহু উন্নয়নমূলক কাম-কাজৰ প্ৰতিশ্ৰুতি ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে । দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা আগন্তুক লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে নিৰ্বাচনত বসন্ত দাসৰ সহায় নালাগে বুলি কৰা মন্তব্যৰ পিচতেই আজি বিজেপিত প্ৰায় ৩০০ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বুলিও মন্তব্য কৰে বিধায়ক বসন্ত দাসে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ লগত থাকিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত স্পষ্টকৈ বিজেপিক সমৰ্থন কৰিব বুলি কোৱা নাই যদিও তেওঁ বিজেপি প্ৰাৰ্থীগৰাকীকেই সমৰ্থন কৰাৰ ইংগিত প্ৰদান কৰে । তেওঁ কয়," মঙ্লদৈ সমষ্টিৰ উন্নয়নৰ বাবে মই সকলো কৰিবলৈ সাজু ।"

লগতে পঢ়ক:মোদীক সাক্ষাতৰ বাবে অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.