ETV Bharat / politics

অনিশ্চয়তাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:50 PM IST

Amritpal Singh in jail: ৱাৰিছ পঞ্জাৱ দেৰ নেতা অমৃতপাল সিঙে কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এটা খবৰ প্ৰচাৰ হৈছিল যদিও এই বিষয়ে বৰ্তমানেও কোনো নিশ্চয়তা আহি পৰা নাই । বৃহস্পতিবাৰে অমৃতপাল সিঙৰ পৰিয়ালে তেওঁক ডিব্ৰুগড় কাৰাগাৰত সাক্ষাৎ কৰে যদিও এই বিষয়ে আলোচনা কৰাৰ কোনো সুযোগ নাপালে ।

MRITPAL SINGH IN JAIL
WARIS PUNJAB DE

অনিশ্চয়তাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা

মৰাণ, ২৫ এপ্ৰিল: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিংসহ আন ৯ খালিস্তানী নেতাই । অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল । লগতে অমৃতপাল সিঙৰ ৯ সহযোগীক লৈ অনা হৈছিল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ । কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে এইসকল খালিস্তানী নেতাক ।

ইয়াৰ মাজতেই খবৰ ওলাইছিল ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে । অমৃত পালৰ অধিবক্তা ৰাজদেৱ সিং খালচাই এই কথা অৱগত কৰিছিল । খাৰুৰ চাহেব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অমৃতপাল সিঙে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি খবৰ ওলোৱাৰ পাচতে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় অমৃতপাল সিঙৰ পৰিয়ালৰ সদস্য ।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সম্পৰ্কত অমৃতপাল সিঙৰ সৈতে আলোচনা কৰিবলৈ অমৃতপাল সিঙৰ পিতৃ আৰু তেওঁৰ খুড়াকৰ লগতে পৰিয়ালৰ সদস্যসকল ডিব্ৰুগড়ৰ কাৰাগাৰত উপস্থিত হৈছিল যদিও অমৃতপাল সিঙৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ সুযোগ কাৰাগাৰ কৰ্তৃপক্ষই নিদিলে ।

বিভিন্ন কাৰণত একেবাৰে কম সময় সাক্ষাৎ কৰিব পাৰিলে যদিও অমৃতপাল সিঙৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিষয়ত আলোচনা কৰিব নোৱাৰিলে পৰিয়ালৰ সদস্যসকলে । অমৃতপাল সিঙৰ পিতৃ আৰু তেওঁৰ খুড়াকে সংবাদ মাধ্যমৰ আগত কয়, যে কাৰাগাৰ কৰ্তৃপক্ষৰ কঠোৰতাৰ বাবে আজি অমৃতপাল সিঙৰ সৈতে সঠিকভাৱে আলোচনা কৰিব নোৱাৰিলে ।

ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেয়া নিশ্চিত হোৱা নাই । মাত্ৰ কেইটামান মুহূৰ্তৰ বাবেহে লগ হ’ব পাৰিছিল আৰু সেয়েহে নিৰ্বাচনী বিষয়টো ভালদৰে আলোচনা কৰিব পৰা নাছিল ।

গতিকে অধিবক্তা ৰাজদেৱ সিং খালচাই শ্বেয়াৰ কৰা তথ্যত তেওঁলোক নিশ্চিত‌ হোৱা নাই । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ অসহযোগিতা সন্দৰ্ভত শুকুৰবাৰে ​​ডিব্ৰুগড় জিলা আয়ুক্তক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে অমৃতপালৰ পৰিয়ালে । অমৃতপাল সিঙৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিষয়ত আলোচনাত কৰিলৈ পুনৰ চেষ্টা কৰিব বুলি জানিবলৈ দিছে পৰিয়ালৰ সদস্যসকলে ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.