ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 9:08 PM IST

AMRITPAL SINGH
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে ()

নিৰ্বাচনত অৱতীৰ্ণ হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী খালীস্তানী নেতা অমৃতপাল সিং ৷ এই কথা জানিবলৈ দিছে তেওঁৰ অধিবক্তাই ৷

ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে

ডিব্ৰুগড়, 24 এপ্ৰিল: কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কাৰাবন্দী অমৃতপাল সিঙে ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিছে তেওঁৰ অধিবক্তাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

2023ৰ এপ্ৰিলত সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিঙৰ অধিবক্তা ৰাজদেৱ সিং খালচাই এই কথা পঞ্জাৱৰ সংবাদ মাধ্যমক অৱগত কৰোৱাইছে ৷ তেওঁ কয় যে কাৰাবন্দী অমৃতপাল সিঙে খাদুৰ চাহিব লোকসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । অৱশ্যে তেওঁ কোনো দলীয় প্ৰতীক অবিহনে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি অধিবক্তা ৰাজদেৱ সিং খালচাই এক অডিঅ’ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে পঞ্জাৱৰ খাদুৰ চাহিব লোকসভা সমষ্টিত ভোটগ্ৰহণ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত অনুষ্ঠিত হ’ব ।

Amritpal Singh
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে

1 জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অমৃতপাল সিঙে ৷ এই সন্দৰ্ভত তেওঁৰ অধিবক্তাই কয়, ‘‘মই আজি ডিব্ৰুগড়ত আছো । মই অমৃতপাল সিঙক লগ পাইছিলো । তেওঁ মোক নিশ্চিত কৰিছে যে তেওঁ খাদুৰ চাহিবৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷" ৰাজদেৱ সিং খালচাই কয় যে অমৃতপাল সিঙে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ।

উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিংসহ আন নগৰাকী খালিস্তানী নেতাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন পাৰ কৰিছে । অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল । অমৃতপাল সিঙৰ লগতে তেওঁৰ 9 সহযোগীকো লৈ অনা হৈছিল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ । কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে খালিস্তানী নেতাকেইগৰাকীক ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত মণিপুৰত বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.