ETV Bharat / politics

কি বিচাৰে সৰুপথাৰ, শিৱসাগৰ আৰু মাজুলীৰ ভোটাৰে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 11:30 AM IST

Lok Sabha Election 2024
কি বিচাৰে সৰুপথাৰ, শিৱসাগৰ আৰু মাজুলীৰ ভোটাৰে

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টি আৰু নতুনকৈ গঠন হোৱা কাজিৰঙাত ভোটাৰসকলৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে । পছন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদানৰ বাবে পুৱাৰে পৰা ভোটকেন্দ্ৰত শাৰী পাতিছে ভোটাৰে । মাজুলীত তৎপৰ হৈ আছে প্ৰশাসন ।

কি বিচাৰে সৰুপথাৰ, শিৱসাগৰ আৰু মাজুলীৰ ভোটাৰে

নিউজ ডেস্ক,১৯ এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । অসমৰ ৫ টা লোকসভা সমষ্টিত পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে । এই সমষ্টিকেইটাত ভোটদানৰ ক্ষেত্ৰত ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে । ভোটকেন্দ্ৰবোৰত পুৱাৰে পৰা ভোটাৰৰ ভিৰ দেখা গৈছে ।

৫ টা সমষ্টিৰ ভিতৰৰ অন্যতম কাজিৰঙা লোকসভা সমষ্টিত ভোটাৰসকলে পুৱাৰে পৰা ভোটকেন্দ্ৰত শাৰী পাতিছে । সৰুপথাৰ বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰবোৰত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে । নতুন ভোটাৰৰ লগতে ডেকা-বুঢ়া সকলোৱে ভোটদানৰ বাবে ওলাই আহিছে । প্ৰতিগৰাকী ভোটাৰৰ মুখত কেৱল এটাই কথা উন্নয়নৰ স্বাৰ্থত তেওঁলোকে ভোটদান কৰিছে । ৰাইজৰ সমস্যা সংসদত উত্থাপন কৰিব পৰা প্ৰাৰ্থীকে ভোট দিব বুলিও ভোটাৰসকলে উল্লেখ কৰিছে ।

উল্লেখ্য যে ধনশিৰি নিৰ্বাচনী জিলাত এইবাৰ ২০৫ টা ভোটকেন্দ্ৰ আছে । প্ৰিজাইডিং বিষয়া, প'লিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ লোকসকলে তেওঁলোকৰ দায়িত্ব পালন কৰা দেখা গৈছে । ধনশিৰি নিৰ্বাচনী জিলাত দুটা আদৰ্শ ভোটকেন্দ্ৰ আছে । লগতে মহিলাৰ দ্বাৰা পৰিচালিত ৬৫ টা ভোটকেন্দ্ৰও আছে । কাজিৰঙা লোকসভা সমষ্টিৰ ধনশিৰি নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ১,৯৩,৯৬১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯৭,২৯১ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৬৬৭ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ আছে ৩ গৰাকী ।

ইফালে ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ ১৮,১৭,২৭২ গৰাকী ভোটাৰে ২,০৬৮ টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে । ৰাইজে পুৱাৰে পৰা ভোটকেন্দ্ৰবোৰত শাৰী পাতিছে । শিৱসাগৰ নগৰৰ ২ নং ধাইআলি ল'ৰা প্ৰাথমিক বিদ্যালয়ত ৯৩৪ গৰাকী ভোটাৰে ভোটদান কৰিবলৈ পুৱাৰে পৰা তৎপৰ হোৱা দেখা গৈছে । একেদৰে ৰংপুৰ ৰাষ্ট্ৰভাষা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰতো ভোটাৰৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত ভোটগ্ৰহণক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । পুৱা ৭ বজাৰে পৰা মাজুলীৰ প্ৰতিটো ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । মাজুলীৰ ১৭৬ টা ভোটকেন্দ্রত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া । মাজুলীত এইবাৰ আছে ১,৪০,৭৭২ গৰাকী ভোটাৰ । অৱশ্যে জিলাখনৰ দুই-এক স্থানত ইভিএম বিকল হোৱাৰ খবৰ পোৱা গৈছে । যাৰ বাবে কিছু পলমকৈ ভোটদান অনুষ্ঠিত হৈছে । অৱশ্যে কোনো সমস্যা নোহোৱাকৈ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ কথা উল্লেখ কৰিছে মাজুলী প্ৰশাসনে ।

লগতে পঢ়ক :পুৱাই সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভোটদান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.