ETV Bharat / state

পুৱাই সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভোটদান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:48 AM IST

Updated : Apr 19, 2024, 12:01 PM IST

Lok Sabha Election 2024
পুৱাই সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভোটদান

Lok Sabha Election 2024: পুৱাই ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ ১৩০ নম্বৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যোৰহাট জিলাৰ ১০ নং বাৰ্ডৰ দেৱীচৰণ বৰুৱা বালিক বিদ্যালয়ত ভোটদান কৰে কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে ।

পুৱাই সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভোটদান

নিউজ ডেস্ক,১৯ এপ্ৰিল: আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত শাৰী পাতিছে ভোটাৰসকলে । ইফালে ৫ টা সমষ্টিত প্ৰতিটো দলৰে প্ৰাৰ্থীসকলেও নিজ নিজ ভোটকেন্দ্ৰত ভোটদান কৰা দেখা গৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ভোটদান:

ডিব্ৰুগড় লোকসভা সমষ্টিত পুৱা ৭ বজাৰে পৰাই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া । ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰসকলে । আন আন ভোটাৰৰ লগতে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ ১৩০ নম্বৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভোটদান কৰি নিজৰ বিজয়ক লৈ আশাবাদী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

তেওঁ সাংবাদিকৰ সন্মুখত কয় যে এতিয়া সকলোতে বিজেপি বিজেপি পৰিৱেশ দেখা গৈছে । তেওঁৰ মতে ৰাইজে পুৱাই ভোটদানৰ বাবে ওলাই আহিছে আৰু এক ভাল পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য যে ডিব্রুগড় লোকসভা সমষ্টিত এইবাৰ ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ভাগ্য নিৰ্ণয় কৰিব ডিব্ৰুগড়ৰ ৰাইজে ।

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ভোটদান:

একেদৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰতে পুৱাৰে পৰা ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । পুৱাই ভোটকেন্দ্ৰত ভোটাৰসকলে শাৰী পাতি থকা দেখা গৈছে । ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত সেৱা জনাই ভোটদানৰ বাবে ওলাই আহে পুত্ৰ তথা যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । বৰ্তমান সাধাৰণ ভোটাৰৰ দৰেই ভোটদানৰ বাবে শাৰী পাতিলে সাংসদগৰাকীয়ে ।

যোৰহাট জিলাৰ ১০ নং বাৰ্ডৰ দেৱীচৰণ বৰুৱা বালিক বিদ্যালয়ত ভোটদান কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ভোটদানৰ পিচত কিছু আৱেগিক হৈ পৰে গৌৰৱ গগৈ । পিতৃক স্মৰণ কৰি তেওঁ কিছু আৱেগিক হৈ পৰে । ভোটদানৰ পিচত গৌৰৱ গগৈয়ে কয় যে এইয়া লোকতন্ত্ৰ ৰক্ষাৰ যুঁজ । তেওঁ বিপক্ষৰ প্ৰাৰ্থী তপন কুমাৰ গগৈকো নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে বতৰ ফৰকাল হোৱাৰ বাবে সকলো ভোটাৰ ৰাইজক ভোটদানৰ বাবে ওলাই আহিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :আজি ইভিএমত বন্দী হ’ব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ! কোন কোন সেইসকল ৰথী-মহাৰথী - Lok Sabha Election 2024

Last Updated :Apr 19, 2024, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.