ETV Bharat / politics

শোণিতপুৰত ৮ গৰাকী প্ৰাৰ্থী: কি বিচাৰে বিহালী সমষ্টিৰ ৰাইজে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:54 PM IST

16 লাখ 28 হাজাৰ 326 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব শোণিতপুৰ লোকসভা সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থীৰ ৷ লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিহালী বিধান সভা সমষ্টিৰ ৰাইজে কি বিচাৰে-

LOK SABHA ELECTION 2024
বিহালী সমষ্টিৰ ৰাইজৰ মনৰ কথা

কি বিচাৰে বিহালী সমষ্টিৰ ৰাইজে

বিশ্বনাথ, 31 মাৰ্চ : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা সমষ্টিত ৰাজনৈতিক দল সমূহে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগা শোণিতপুৰ লোকসভা সমষ্টিতো শাসক-বিৰোধীৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৷ লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহৰ বিভিন্ন স্থানত এতিয়া ভোটৰ আশাত ৰাইজৰ কাষ চাপিছে প্ৰাৰ্থীসকল ৷

শোণিতপুৰ লোকসভাৰ সমষ্টিত এইবাৰ একেখন গাৱঁৰ, একেটা সমষ্টিৰ পৰা বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থী দুজনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিহালী সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই আৰু কংগ্ৰেছ দল পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰেম লাল গঞ্জুয়ে ৷ দুয়োজন প্ৰাৰ্থীয়ে ইতিমধ্যে লোকসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে ৷ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ইতিমধ্যে 30 খনৰো অধিক নিৰ্বাচনী সভা আয়োজন কৰি প্ৰচাৰ চলাইছে ৷ কংগ্ৰেছ আৰু বিজেপিৰ দুয়োজন প্ৰাৰ্থীয়ে লোকসভা সমষ্টিটোৰ চাহ বাগিচা অঞ্চলতো প্ৰচাৰ চলোৱাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো সমষ্টিটোত চাহ জনগোষ্ঠীয় ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে ৷

শোণিতপুৰ লোকসভা সমষ্টিত 9 জনকৈ শাসকীয় দলৰ বিধায়ক থকাৰ বিপৰীতে কংগ্ৰেছ দলৰ কোনো এটা সমষ্টিতে দখলত নাই যদিও দলটোৰ প্ৰাৰ্থীগৰাকীয়ে চাহ বাগিচা অঞ্চলসমূহ লক্ষ্য কৰি, বাগিচাৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত 11 নং শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ ভোটাৰৰ সংখ্যা হৈছে 16 লাখ 28 হাজাৰ 326 গৰাকী ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ ৩৫ গৰাকী প্ৰাৰ্থী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.