ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ ৩৫ গৰাকী প্ৰাৰ্থী - Lok Sabha election 2024

Lok Sabha election 2024: পাঁচটা লোকসভা সমষ্টিত ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আজি যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰথম পৰ্যায়ত ৩৫ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত।

First phase Lok Sabha election in Assam
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:27 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩০ মার্চ: ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্রার্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । আজি যোৰহাট লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা এগৰাকী প্রার্থীয়ে নিজৰ প্রার্থিত্ব প্ৰত্যাহাৰ কৰে । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । পৰীক্ষণৰ অন্তত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৈধ হিচাপে বিবেচিত হোৱা ৩৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আজি এজনে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাচত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩৫ গৰাকী । সেই অনুসৰি কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে বিজেপিৰ কামাখ্যা প্রসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তির্কী, ভোটাৰ্ছ পার্টি ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা, অসম জনমৰ্চাৰ চেলিম আহমেদ, ৰিপাব্লিকান পার্টি অৱ ইণ্ডিয়াৰ (আঠাৱালে) ছালেহ আহমেদ মজুমদাৰ, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, নিৰ্দলীয় আব্দুল হক, নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী, নিদীৱ জ্যোতি ভূঞা,দিলোৱাৰ বেগম চৌধুৰী আৰু বিনোদ গগৈ ।

শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে আম আদমি পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিন্য, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু, বিজেপিৰ ৰঞ্জিত দত্ত, বিপিএফৰ ৰাজু দেউৰী, বহুজন মহাপাৰ্টিৰ আলম আলী, ভোটাৰ্ছ পার্টি ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী, গণ সুৰক্ষা পাৰ্টিৰ ৰিংকু ৰয় আৰু নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰী ।

আনহাতে, লখিমপুৰ লোকসভা সমষ্টিৰ বাবে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, বিজেপিৰ প্ৰদান বৰুৱা, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘন কান্ত চুতীয়া, কমিউনিষ্ট পার্টি অৱ ইণ্ডিয়াৰ ধীৰেণ কছাৰী, ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু, ভোটাৰ্ছ পার্টি ইন্টাৰনেচনেল বীৰেণ বাইলুং, নিৰ্দলীয় গোবিন বিশ্বকর্মা, দেৱ নাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰী ।

ইপিনে,ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে আম আদমি পার্টীৰ মনোজ ধানোৱাৰ, বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ । আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা ।

ইফালে, ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ডিফু লোকসভা সমষ্টিত এগৰাকী আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে ।

লগতে পঢ়ক:ওদালগুৰিত মিত্ৰদলৰ নেতাৰে আলোচনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024