ETV Bharat / politics

নিৰ্বাচনী আচৰণ বিধি উলংঘা ! ভোটাৰৰ মাজত ধন বিলাই থাকোঁতে হাতে-লোটে ধৰা পৰিল ইউপিপিএলৰ নেতা - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 7:03 AM IST

LOK SABHA POLLS : কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ গুৰুতৰ অভিযোগ ৷ ভোটাৰৰ মাজত ইউপিপিএল দলে ধন বিলাবলৈ গৈ থানা পালেগৈ দুই ইউ পি পি এলৰ নেতা ৷

UPPL party allegedly distributing money among voters in Chirang
ভোটাৰৰ মাজত ধন বিলাই থাকোঁতে হাতে-লোটে ধৰা পৰিল ইউপিপিএলৰ নেতা (ETV BHARAT ASSAM)

ভোটাৰৰ মাজত ধন বিলাই থাকোঁতে হাতে-লোটে ধৰা পৰিল ইউপিপিএলৰ নেতা (ETV BHARAT ASSAM)

চিৰাং, 7 মে’ : আজি ৰাজ্যৰ চাৰিটা সমষ্টিত তৃতীয় পৰ্যায়ৰ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ ইয়াৰ মাজতে 6 মে’ তথা সোমবাৰে চিৰাঙৰ গৰুভাষাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ভোটাৰৰ মাজত ইউপিপিএল দলে ধন বিলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায় 37,500 ধন এগৰাকী মহিলা আৰু এগৰাকী পুৰুষক আটক কৰা হৈছে ৷

চিৰাঙৰ গৰুভাষাত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত এহাল পুৰুষ মহিলাই মটৰ চাইকেলেৰে গৈ ভোটাৰৰ বাসগৃহত টকা বিলোৱাৰ সময়ত ৰাইজে হাতে-লোটে ধৰা পেলায় । তাৰ পিচতেই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লয় ৷ লগে লগে ৰাইজে টকাসহ আটক কৰা পুৰুষ-মহিলাদ্বয়ক গৰুভাষা আৰক্ষী চকীত গতাই দিয়ে ।

ধৃত দুগৰাকীৰ পৰা আৰক্ষীয়ে নগদ 37,500 টকা আৰু এ এছ 26 বি 7250 নম্বৰ পঞ্জীয়নৰ এখন মটৰচাইকেল জব্দ কৰে । ধন বিলোৱাৰ অভিযোগত আটক হোৱা মহিলা গৰাকী চিৰাং ব্লক ইউপিপিএলৰ মহিলা কোষৰ নেতা ফ্লোৰেন্স ইছলাৰী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিজয় মুছাহাৰী বুলি বিপিএফ দলৰ কেন্দ্ৰীয় উপ সভাপতি শুদ্ধ বসুমাতাৰীয়ে জানিবলৈ দিয়ে ।

শুদ্ধ বসুমাতাৰীয়ে এই ঘটনাক কটাক্ষ কৰি কয় যে ইউপিপিএল দলে কিমান দিন এনেকৈ চলাব ? এনেকৈ টকা দি ভোট কিনা যায় নেকি ? ৰাইজে ইউ পি পি এল দল আৰু বিজেপিৰ মনোভাৱ ইতিমধ্যে বুজি উঠিছে ৷ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত কিয় এনেকুৱা কৰিছে ? বিপিএফ দলে এনেকুৱা কাম কেতিয়াও নকৰে বুলি বিপিএফ দলৰ উপ সভাপতি জনে মন্তব্য কৰে ।

এই ঘটনাক কেন্দ্ৰ কৰি গৰুভাষাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বদৰুদ্দিন আজমলে মক্কা চৰিফক লৈ ৰাজনীতি কৰাৰ অভিযোগ অধিবক্তা এ কে তালুকদাৰৰ - Allegation against Badruddin Ajmal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.