ETV Bharat / politics

ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ দৰে বিজেপি-অগপ-ইউপিপিএল: জয়ন্ত বসুমতাৰী - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:43 PM IST

UPPL CANDIDATE JAYANTA BASUMATARY
LOK SABHA ELECTION 2024

LS Polls 2024: বিজেপি-অগপ-ইউপিপিএল ঠিক ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ দৰেই । এই শক্তিক কোনেও পৰাভূত কৰিব নোৱাৰে । সমগ্ৰ দেশত ৭০ ভোট লাভ কৰিব এন ডি এই । এই মন্তব্য ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ ।

ইউপিপিএলৰ প্ৰচাৰ

কোকৰাঝাৰ, ১০ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ইউপিপিএল দলে মাৰাথন নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । বুধবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰৰ জিলাৰ বালাগাঁও, দেৱৰগাঁও, পাথৰঘাট আৰু শুকানঝোৰাকে ধৰি কেবাঠাইত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ভোটাৰ সকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে কোকৰাঝাৰ লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বুধবাৰে প্ৰথমে বালাগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত উপস্থিত হৈ লক্ষ্মী মন্দিৰত সেৱা জনাই লক্ষ্মীদেৱীৰ আশীৰ্বাদ লয় । তাৰ পিচতে ভোটাৰৰ সৈতে চমু বৈঠকত অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে জয়ন্ত বসুমতাৰীক স্থানীয় ৰাইজে বিপুলভাৱে আদৰণি জনোৱাৰ লগতে জিন্দাবাদ ধ্বনিও দিয়ে ।

বালাগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে এনডিএৰ সপক্ষে ভোটদান কৰিবলৈ সকলো ভোটাৰ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

ইপিনে সংবাদমাধ্যমৰ আগত এনডিএই ৭০ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিব বুলি মন্তব্য কৰিছে প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে । তেওঁ কয়, "ৰাইজ স্বৰ্তস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেয়ে এনডিএৰ বিজয় নিশ্চিত । পূৰ্বতে অঞ্চলটোত অশান্তিময় পৰিৱেশ আছিল । এতিয়া শান্তি ঘূৰি আহিছে আৰু জীৱনৰ নিৰাপত্তা সুনিশ্চিত হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত সমগ্ৰ অসমতে প্ৰভূত উন্নয়ন হৈছে । সকলো সমস্যা আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান হৈছে । অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাই ।"

তেওঁ লগতে কয় যে বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি ঘূৰি আহিছে । বিজেপি, অগপ, ইউপিপিএল বৰ্তমান ডাঙৰ শক্তি আৰু বিজেপি, অগপ, ইউপিপিএলতকৈ ডাঙৰ শক্তি নাই । তেওঁ বিজেপি, অগপ, ইউপিপিএলক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৈতে তুলনা কৰে । উল্লেখ্য যে আজিৰ সভাত ইউপিপিএলৰ জিলা আৰু ব্লক পৰ্যায়ৰ কেবাগৰাকীও নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: গহপুৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; ঘৰে ঘৰে অৰুণোদয় প্ৰদানৰ প্ৰতিশ্ৰুতি - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.