ETV Bharat / politics

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আত্মবিশ্বাসী ৰামেশ্বৰ তেলী

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 10:14 PM IST

Dibrugarh Loksabha Constituency
ৰামেশ্বৰ তেলীৰ প্ৰতিক্ৰিয়া

Dibrugarh Loksabha Constituency : দলে প্ৰাৰ্থিত্ব দিলে পূৰ্বৰ নিৰ্বাচনতকৈ অধিক ভোট লাভ কৰি জয়লাভ কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ তেওঁৰ বিৰুদ্ধে দলৰ ভিতৰতে আৰম্ভ হোৱা অসন্তুষ্টিৰ বিষয়ে অৱগত নহয় বুলি কয় ৰামেশ্বৰ তেলীয়ে ৷

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ প্ৰতিক্ৰিয়া ৰামেশ্বৰ তেলীৰ

মৰাণ, 28 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিবাৰ্চনক লৈ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি ৷ প্ৰাৰ্থিত্বৰ দাবীদাৰ সকলো নেতাই এতিয়া নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ উঠিছে ৷ শাসকীয় দল বিজেপিয়ে প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰা নাই যদিও সমষ্টিয়ে সমষ্টিয়ে বিভিন্ন জনে বিচাৰিছে প্ৰাৰ্থিত্ব ৷ তাৰ মাজতেই ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলতে সৃষ্টি হৈছে প্ৰত্যাহ্বান ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে সমষ্টিটোত আৰম্ভ হৈছে প্ৰতিস্থান বিৰোধী ঢৌ ৷ চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনে ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলৰ হৈ প্ৰাৰ্থিত্ব পাব বুলি দাবী কৰিছে ৰামেশ্বৰ তেলীয়ে ৷ দুবাৰৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰাই বিজেপি দলৰ হৈ পুনৰ নিৰ্বাচন খেলাৰ আশা ব্যক্ত কৰিছে ৷

ইয়াৰ মাজতে টিংখাঙৰ এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত ৰামেশ্বৰ তেলীয়ে কয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ দলীয় ভেটি বহুত ভাল ৷ দলে প্ৰাৰ্থিত্ব দিলে পূৰ্বৰ নিৰ্বাচনতকৈ অধিক ভোট লাভ কৰি জয়লাভ কৰিব বুলি মন্তব্য কৰে তেওঁ ৷ কিন্তু তেওঁৰ বিৰুদ্ধে দলৰ ভিতৰতে আৰম্ভ হোৱা অসন্তুষ্টিৰ বিষয়ে অৱগত নহয় বুলি কয় ৰামেশ্বৰ তেলীয়ে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰভু ৰামকে মানুহে বেয়া পাই, তেনেস্থলত তেওঁক বেয়া পোৱাটো সাধাৰণ কথা ৷ আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলে সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিব বুলি ওলোৱা খবৰক লৈ তেওঁ কয় যে, সৰ্বানন্দ সোণোৱালে নিৰ্বাচন খেলিম বুলি ক'তো কোৱা নাই ৷

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈয়েও এৰিব নেকি কংগ্ৰেছ ! হ’ব নেকি বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.