ETV Bharat / politics

উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী - Lakhimpur Lok Sabha Constituency

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 11:08 PM IST

Lakhimpur Lok Sabha Constituency: চৰ্চিত হোৱাৰ দৰেই উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৷ শনিবাৰে ঘোষিত হ’ল প্ৰাৰ্থীগৰাকীৰ নাম ৷

LAKHIMPUR LOK SABHA CONSTITUENCY
LAKHIMPUR LOK SABHA CONSTITUENCY

গুৱাহাটী, 23 মাৰ্চ: অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ৷ চৰ্চিত হোৱাৰ দৰেই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই অৱশেষত হ’লগৈ কংগ্ৰেছৰ লখিমপুৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৷ শনিবাৰে সন্ধিয়া প্ৰকাশ কৰা তালিকাত ঘোষিত হ’ল উদয় শংকৰ হাজৰিকাৰ নাম ৷

LAKHIMPUR LOK SABHA CONSTITUENCY
উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী

19 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত অৱতীৰ্ণ হ’ব পৰা নাছিল কংগ্ৰেছ নেতৃত্ব ৷ কংগ্ৰেছে ইতিমধ্যেই প্ৰকাশ কৰিছিল 12 টা সমষ্টিৰ তালিকা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শেষত লখিমপুৰৰ আসনখনতো সকলো বিতৰ্কৰ অৱসান ঘটাই উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে ৷ উল্লেখযোগ্য যে দুবাৰৰ সাংসদ ৰাণী নৰহেও লখিমপুৰৰ প্ৰাৰ্থিত্বৰ বাবে দাবী কৰি আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.