ETV Bharat / politics

বিজেপি-এ আই ইউ ডি এফক অনুবীক্ষণ যন্ত্ৰৰে বিচাৰিব লাগিব : ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:15 PM IST

Congress Election meeting in Barpeta
বৰপেটাত কংগ্ৰেছৰ বৃহৎ যোগদান সভা

Lok Sabha Election 2024: ৫ হাজাৰ লোকসহ চেঙাৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ দুই পুত্ৰৰ কংগ্ৰেছত যোগদান ৷ এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক নেতা তথা বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইলিমউদ্দিন দেৱানৰো যোগদান কংগ্ৰেছত ৷

বৰপেটাত কংগ্ৰেছৰ বৃহৎ যোগদান সভা

বৰপেটা, ৬ এপ্ৰিল: চেঙাৰ গোমাফুলবাৰীত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী ৷ চেঙাত বিজেপি আৰু এ আই ইউ ডি এফত খহনীয়াৰ সৃষ্টি কৰি ৫ হাজাৰ সমৰ্থকসহ চেঙাৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ দুই পুত্ৰৰ কংগ্ৰেছত যোগদান ৷

লিয়াকৎ আলী খানৰ পুত্ৰ তথা বিজেপি জিলা যুৱ মৰ্চাৰ সম্পাদক আফতাদুৰ আলী খান আৰু তেওঁৰ ভাতৃ লিয়াদুৰ আলী খানৰো যোগদান কংগ্ৰেছত ৷ ইপিনে এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক নেতা তথা এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইলিমউদ্দিন দেৱানেও কংগ্ৰেছত যোগদান কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ইলিমউদ্দিন দেৱানে ২০১১ চনত চেঙাৰ পৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাখনত সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, বিধায়ক দিগন্ত বৰ্মন আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামে বিজেপি আৰু এ আই ইউ ডি এফৰ নেতাকৰ্মীসকলক কংগ্ৰেছলৈ আদৰণি জনায় ৷

ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশ লৈ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে চেঙাৰ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনেও কংগ্ৰেছত যোগদানৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে ৷ চেঙাৰ বিধায়ক আশ্ৰাফুল হছেইনে কংগ্ৰেছত যোগদানৰ বাবে ফোনত যোগাযোগ কৰাৰ কথাও উল্লেখ কৰে জাকিৰ হুছেইন শিকদাৰে ৷

আনকি আশ্ৰাফুলক কংগ্ৰেছত ল’ব লাগেনে নালাগে সেই সম্পৰ্কে জাকিৰ হুছেইন শিকদাৰে চেঙাৰ কংগ্ৰেছ কৰ্মীসকলৰ মতামতো গ্ৰহণ কৰে ৷ কেবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহন কৰা প্ৰচাৰ সভাখনত অংশ লৈ ৰকিবুল হুছেইনে ৰোজাৰ মাহতো সভাখনত বৃহৎ সংখ্যক লোকৰ উপস্থিতিয়ে বিজয় নিশ্চিত কৰা বুলি দাবী কৰে ৷ ৰকিবুল হুছেইনে বিজেপি আৰুএ আই ইউ ডি এফক অনুবীক্ষণ যন্ত্ৰৰে বিচাৰিব লাগিব বুলিও মন্তব্য কৰে ৷

ইপিনে মন্ত্ৰী পীযুষ হাজৰীকাই অসমত ৫০ বছৰতো কংগ্ৰেছ নাহে বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে যিসকল ৫-৬ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, সেইসকলক এই কথা সুধিবলৈ পীযুষ হাজৰীকাক উদ্দেশ্যি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

বদৰুদ্দিন আজমলক ইন্টাৰনেচনেল ভিক্ষাৰী বুলি অভিহিত কৰে ২০১১ চনৰ চেঙা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা ইলিমউদ্দিন দেৱানে ৷ ইপিনে কংগ্ৰেছত যোগদানৰ পিচতে এইবাৰ বদৰুদ্দিন আজমলে উচিত শিক্ষা পাব বুলিও মন্তব্য লিয়াকৎ আলী খানৰ পুত্ৰ লিয়াদুৰ আলী খানৰ ৷

লগতে পঢ়ক: আশীৰ্বাদ কৰিছোঁ যাতে জয়যুক্ত হয় : সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃয়ে আশীৰ্বাদ দিলে লুৰীণজ্যোতিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.