ETV Bharat / politics

আশীৰ্বাদ কৰিছোঁ যাতে জয়যুক্ত হয় : সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃয়ে আশীৰ্বাদ দিলে লুৰীণজ্যোতিক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 3:56 PM IST

LURINJYOTI GOGOI AT RESIDENCE OF SARBANANDA SONOWAL
সৰ্বানন্দ সোণোৱালৰ বাসগৃহত লুৰীণজ্যোতি গগৈ

Lurinjyoti Gogoi: মূল্যবোধৰ ৰাজনীতিৰ পোষকতাৰে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ ৷ প্ৰতিদ্বন্দ্বীৰ ভাতৃয়েও লুৰীণজ্যোতিক আশা পূৰণৰ আশীৰ্বাদ প্ৰদান কৰিলে ৷ ৰাজ্যৰ ৰাজনীতিত এয়া এক ভাললগা দৃশ্য বুলি বহুতে মন্তব্য প্ৰকাশ কৰিছে ৷

সৰ্বানন্দ সোণোৱালৰ বাসগৃহত লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 6 এপ্ৰিল: প্ৰতিদ্বন্দ্বীৰ জ্যেষ্ঠ ভাতৃৰ আশীৰ্বাদ বিচাৰি শনিবাৰে বিন্ধাকটা মুলুকগাঁৱত উপস্থিত হ’ল ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ৷ মূল্যবোধৰ ৰাজনীতিৰ এটা পৰিৱেশ পুনৰ প্ৰতিষ্ঠাৰ লক্ষ্য আগত ৰাখি সৰ্বানন্দ সোণোৱালৰ বাসগৃহত তেওঁ উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে ৷

বিগত সময়ত অসমত এক গুণগত ৰাজনৈতিক সংস্কৃতি আছিল বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে আমগুৰি সমষ্টিৰ প্ৰসংগ উল্লেখ কৰে ৷ তেওঁ কয় যে আমগুৰিত এসময়ৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহা আৰু খগেন বৰবৰুৱাৰ মাজত ৰাজনৈতিক যুঁজ হৈছিল ৷ তেতিয়া বিমলা প্ৰসাদ চলিহাৰ জীপখনতে উঠি গৈ একখন জনসভা সম্বোধন কৰিছিল ৷ সেয়া অসমৰ উচ্চমানবিশিষ্ট ৰাজনৈতিক সংস্কৃতি আছিল বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

সাম্প্ৰতিক সময়ত সেই মূল্যবোধৰ ৰাজনীতিৰ অৱক্ষয় হোৱা বুলি সদৰী কৰে লুৰীণজ্যোতি গগৈয়ে ৷ সম্প্ৰতি চাৰিওফালে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰি নিম্নমানৰ আক্ৰমণ, অৰুচিপূৰ্ণ মন্তব্য ৰাখিবলৈ লোৱা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷ আগন্তুক সময়ত এনে পৰিৱেশৰ অৱসান ঘটাই মূল্যবোধৰ ৰাজনীতি কৰাটো দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি খুবেই প্ৰয়োজনীয় বুলি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে ৷ সেয়ে আজি প্ৰতিদ্বন্দ্বী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ লুৰীণজ্যোতি গগৈয়ে আশিস আৰু শুভেচ্ছা বিচৰা কাৰ্যই ৰাজ্যৰ ৰাজনীতিলৈ এক বাৰ্তা প্ৰেৰণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ লগতে পৰিয়ালৰ লোকসকলৰ সৈতে মত বিনিময় কৰে লুৰীণজ্যোতি গগৈয়ে । এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ ভাতৃ দীপক সোণোৱালে কয়, ‘‘ৰাইজৰ ৰাজনীতিক সকলোৰে ঘৰলৈ আহিব ৷ সকলোৰে পৰা দিহা-পৰামৰ্শ ল’ব ৷ তেওঁক আশীৰ্বাদ কৰিছোঁ যাতে জয়যুক্ত হয় ৷ ৰাইজৰ মন কোনেও কিনিব নোৱাৰে ৷ তেওঁ যিদৰে বিচাৰিছে, শুভ হওঁক ৷’’

লগতে পঢ়ক: প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.