ETV Bharat / politics

2026 চনলৈ কংগ্ৰেছ দলত মানুহ নাথাকে : হিমন্ত বিশ্ব শৰ্মা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 6:02 PM IST

Assam CM election campaign : মাহমৰা সমষ্টিৰ পাটসাঁকোত বিশাল জনসভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ASSAM CM ELECTION CAMPAIGN
2026 চনলৈ কংগ্ৰেছ দলত মানুহ নাথাকে বুলি দাবী মুখ্যমন্ত্ৰীৰ

পাটসাঁকোত বিশাল জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়, 10 এপ্ৰিল : লোকসভা নিৰ্বাচনত অসমত 13 খন আৰু সমগ্ৰ ভাৰততে চাৰিশৰো ওপৰত আসন বিজেপিয়ে লাভ কৰিব ৷ এই দাবী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বুধবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পাটসাঁকোত বিশাল জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ লগতে 2026 চনলৈ কংগ্ৰেছ দলত মানুহ নাথাকে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী- বিধায়ক ব্যস্ত এতিয়া যোৰহাট লোকসভা সমষ্টিত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিত কেইবাখনো সভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাইছে ৷

বুধবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পাটসাঁকোত বিশাল জনসভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হেংদাং দাঙি পাটসাঁকো হাইস্কুল খেলপথাৰত নিৰ্বাচনী ৰণডংকা বজায় মুখ্যমন্ত্ৰীয়ে ৷ চৰাইদেউৰ মাহমৰা আৰু শিৱসাগৰৰ ডিমৌ সমষ্টিৰ ৰাইজৰ উপস্থিতিত এই প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ এই সভাতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী আৰু যুৱ কংগ্ৰেছীয়ে যোগদান কৰে বিজেপিত ৷

আনহাতে ৰাহুল গান্ধীৰ অসম আগমন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ ৰাহুল গান্ধী আহিলে বিজেপিৰ ভোট 20-25 হাজাৰ বাঢ়িব বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ সৈতে এই প্ৰচাৰ সভাত মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁই, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা আৰু অন্যান্য ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : অসমীয়া মানুহতকৈও নৰেন্দ্ৰ মোদীয়ে গামোচাখন বেছিকৈ লয়: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.