ETV Bharat / politics

যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 1:08 PM IST

LS polls 2024: যোৰহাট লোকসভা সমষ্টিত শাসক-বিৰোধী উভয়ৰে ব্যাপক প্ৰচাৰ অভিযান । সমষ্টিটোৰ অলিয়ে-গলিয়ে এতিয়া নিৰ্বাচনী গৰম বতাহ । ৰণত নামি পৰিছে ৰথী-মহাৰথী । অধিক তীব্রতৰ হৈ পৰিছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ । সমষ্টিটোত আছে জনগোষ্ঠীয় ভোটাৰৰ বিশেষ প্ৰাধান্য । চৰ্চালৈ আহিছে সংসদত দুয়োগৰাকী সাংসদৰ ভূমিকাৰ প্ৰসংগ । বিজেপিৰ বাবে সন্মানৰ যুঁজ যোৰহাট সমষ্টি । তপন গগৈক জয়ী কৰাবলৈ প্ৰচাৰত শাসকীয় দলৰ ৰথী-মহাৰথী । বিৰোধী শিবিৰে গৌৰৱ গগৈক জয়ী কৰাবলৈ উজাৰি দিছে সৰ্বস্ব ।

যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী
যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী

গুৱাহাটী, ৫ এপ্ৰিল: লোকসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী । অসমত ১৯ এপ্ৰিলত পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । আনহাতে পাঁচটা সমষ্টিত ২৬ এপ্ৰিলত আৰু চাৰিটা সমষ্টিত ৭ মে'ত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । সম্প্ৰতি প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে যদিও প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত প্ৰচাৰ অভিযান তুংগত উঠিছে ।

সকলো ৰথী-মহাৰথী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত যোৰহাট সমষ্টিত শাসক আৰু বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । সমষ্টিটোৰ অলিয়ে-গলিয়ে এতিয়া নিৰ্বাচনী গৰম বতাহ । ৰাজনৈতিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ অধিক তীব্রতৰ হৈ পৰিছে ।

ইতিমধ্যে প্রথম পৰ্যায়ৰ মনোনয়ন-পত্র দাখিল আৰু পৰীক্ষণ পৰ্ব সমাপ্ত হৈছে । যোৰহাট লোকসভা সমষ্টিত এইবাৰ ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা । যোৰহাট সমষ্টিত মূলতঃ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব ।

এক কথাত সমুখ সমৰত দুই 'গগৈ' আৰু দুয়োগৰাকীয়েই বৰ্তমানৰ সাংসদ । এইবাৰৰ নিৰ্বাচনত যোৰহাট সমষ্টিৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত । ইফালে বিজেপিৰ বাবে যোৰহাট সমষ্টিটো সন্মানৰ যুঁজ হৈ পৰাত সকলো ৰথী-মহাৰথী ৰণত নামি পৰিছে । প্ৰাৰ্থী তপন গগৈৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰীকাকে ধৰি প্ৰায় সকলো নেতাই সন্মুখৰ পৰা নেতৃত্ব দিছে ।

শাসকীয় দলৰ এনে তৎপৰতাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈৰ হৈও ব্যাপক প্ৰচাৰ চলিছে । শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, বিধায়ক ভাস্কৰ বৰুৱাৰ উপৰি কংগ্ৰেছৰ নেতাসকলে গৌৰৱ গগৈৰ হৈ ৰণত নামিছে । আনহাতে, একাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বয়ো গৌৰৱ গগৈৰ হৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্বাচনী যুঁজখন চলাই নিছে ।

উল্লেখ্য যে, যোৰহাট সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭,১৮,২৭২ গৰাকী । ইয়াৰে ৮,৪৬,৭৫৪ জন পুৰুষ আৰু ৮,৭১,৫১৬ গৰাকী মহিলা ভোটাৰ আছে । আনহাতে সমষ্টিটোত ১৭,১৮৮ গৰাকী ৮০ৰ ঊৰ্ধ্বৰ ভোটাৰৰ উপৰি নতুনকৈ ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা যুৱ ভোটাৰ আছে ২৯,৪৬২ গৰাকী । তদুপৰি বিশেষভাৱে সক্ষম ১২,২৬৫ গৰাকী আৰু এশ বছৰৰ ঊৰ্ধ্বৰ ১১৫ গৰাকী আৰু তৃতীয় লিংগৰ দুইগৰাকী ভোটাৰ আছে ।

ইফালে সমষ্টিটোত ৫.৫০ লাখ আহোম জনগোষ্ঠীৰ, ৩.১০ লাখ চাহ জনগোষ্ঠীৰ, কোচ, কলিতা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ ১.৫০ লাখ, ১.৫০ লাখ মুছলমান সম্প্ৰদায়ৰ, ১.০৫ লাখ হিন্দু বাঙালী আৰু ৮৫ হাজাৰ হিন্দীভাষী ভোটাৰ আছে । সমষ্টিটোত মিচিং, দেউৰী, মেচ-কছাৰী, গোর্খা জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ভোটাৰৰো যথেষ্ট গুৰুত্ব আছে ।

সমষ্টিটোত শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ মুখ্যমন্ত্ৰীকে ধৰি অসম মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰী, বিজেপি দলৰ বহুসংখ্যক নেতা-কর্মীয়ে দিন-ৰাতি একাকাৰ কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সংসদত প্ৰদৰ্শন কৰা সক্ৰিয় ভূমিকাক আধাৰ হিচাপে লৈ বিৰোধী ঐক্য মঞ্চই ব্যাপক প্ৰচাৰ অভিযান চলাই আহিছে । বৰ্তমান সময়ত দুয়োগৰাকী সাংসদে বিগত সময়ত সংসদত গ্ৰহণ কৰা ভূমিকাক লৈ বিশেষ চৰ্চা চলিছে ।

বিশেষকৈ বিৰোধী শিবিৰে এই প্ৰসংগক চৰ্চালৈ আনিছে । এজন সংসদত নিৰৱ আৰু আনজন সৰৱ । বিগত পাঁচ বছৰত সংসদত সাংসদ গৌৰৱ গগৈয়ে ২৪৫ টা প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে সাংসদ তপন গগৈয়ে মাত্র ৯ টা প্ৰশ্ন উত্থাপন কৰিছিল । আনহাতে সংসদত হোৱা ৭৮ টা বিতৰ্কত গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰাৰ বিপৰীতে তপন গগৈয়ে ১১ টা বিতৰ্কত অংশ গ্ৰহণ কৰিছিল । সেইদৰে গৌৰৱ গগৈয়ে ব্যক্তিগত সদস্যৰ ৫ খন বিল উত্থাপন কৰাৰ বিপৰীতে তপন গগৈয়ে এখনো কৰা নাছিল ।

নিৰ্বাচনৰ বতৰত এই বিষয় সমূহ চৰ্চালৈ আনিছে বিৰোধী শিবিৰে । বিশেষকৈ বিধায়ক অখিল গগৈয়ে এই প্ৰসংগসমূহ ৰাইজৰ মাজত দাঙি ধৰি গৌৰৱ গগৈক জয়ী কৰাবলৈ সৰ্বস্ব উজাৰি দিছে । গৌৰৱ গগৈৰ হৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সোণাৰি, ডিমৌ, মৰিয়নী, টীয়ক আৰু শিৱসাগৰত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বিৰোধীৰ এনে প্ৰচাৰৰ বিপৰীতে শাসকীয় দলটোৱে সমষ্টিটোৰ ৮,৭১,৫১৬ গৰাকী মহিলা ভোটাৰক লক্ষ্য কৰি মহিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ উদ্ধৃতিৰে তপন গগৈক জয়ী কৰাবৰ বাবে ৰণনীতি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে ।

আনহাতে বিৰোধী শিবিৰে বিজেপিৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইন, ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰু বাক স্বাধীনতা খর্ব কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে । মুঠতে দুই 'গগৈ'ৰ যুঁজখনকলৈ যোৰহাট সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট গৰম হৈ পৰিছে । সমষ্টিটোৰ ভোটাৰ ৰাইজে প্ৰতিনিধি হিচাপে দিল্লীলৈ কাক প্ৰেৰণ কৰে সেয়া ফলাফলত জানিব পৰা যাব যদিও যুঁজখন যে যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: যোৰহাট সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰত নামিছে অতুল বৰা-কেশৱ মহন্ত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.