ETV Bharat / politics

কোনে দিলে নিজৰ নামৰ ভোট, ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 7:14 AM IST

Tense situation at Lentichinga : বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ এটি ভোটকেন্দ্ৰত আজৱ ঘটনা ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে অন্য লোকে ৷ মহিলাক ভোট দিবলৈ বাধা নিৰ্বাচনৰ দায়িত্বত থকা লোকৰ ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

Etv BharatLok Sabha Election 2024
নিজৰ ভোট প্ৰদান কৰিলে অন্য লোকে, ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি (Etv Bharat Assam)

ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি (Etv Bharat Assam)

বঙাইগাঁও, 8 মে’ : মঙলবাৰে দেশৰ 11 খন ৰাজ্যত অনুষ্ঠিত হ’ল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ অসমৰো চাৰিটা‌ সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় ৷ চাৰিওটা লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো জিলাত ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হৈছিল যদিও ভালেকেইটা ভোটকেন্দ্ৰত ই ভি এম বিকল হয় ৷

এই ভোটগ্ৰহণৰ সময়চোৱাত ৰাজ্যৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্বন্ধীয় বেমেজালি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ এটি ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ মাজতে উদ্ভৱ হয় উত্তপ্ত পৰিস্থিতি ৷

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত 115 নং ভোটকেন্দ্ৰটোত এগৰাকী মহিলাক ভোটদান কৰাত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতি ।

জানিব পৰা অনুসৰি, মালতী মজুমদাৰ নামৰ এগৰাকী মহিলাৰ নামত অইন লোকে ভোট প্ৰদান কৰাৰ অভিযোগ তুলি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াই মহিলাগৰাকীক ভোটদানৰ পৰা বিৰত ৰাখে । লগে লগে এই ঘটনাই ভোটকেন্দ্ৰটোৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়াৰ দলটোক সুকলমে ঘটনাস্থলীৰ উদ্ধাৰ কৰে ।

ইফালে, গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত গণেশ নগৰ শিশু বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে অনুৰূপ ঘটনা । ভোটদান কৰিবলৈ আহি বিমুখ মনেৰে উভতিবলগীয়া হ’ল এগৰাকী মহিলা ।

জানিব পৰা মতে, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অণিমা চৌধুৰী নামৰ এগৰাকী ভোটাৰৰ ঠাইত ভোট প্ৰদান কৰিলে আন কোনো অচিনাক্ত ব্যক্তিয়ে । অণিমা চৌধুৰী নামৰ মহিলাগৰাকীয়ে ভোটদান কৰিবলৈ অহাৰ পাচত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ।

লগতে পঢ়ক: নিজৰ ভোটটো প্ৰদান কৰিলে আনে; হতভম্ব হৈ ঘৰলৈ উভতিল ভোটাৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.