ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে: কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:18 AM IST

Exclusive interview with Kaziranga Lok Sabha constituency congress candidate Roselina Tirkey
বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে: কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী

Kaziranga Lok Sabha constituency: "...বিজেপিৰ স্বৈৰাচাৰী নীতিৰ বাবেই ৰাইজে মৌনতা অৱলম্বন কৰিছে ৷ অৱশ্যে ৰাইজে ই ভি এমত উচিত প্ৰত্যুত্তৰ দিব ৷" লোকসভা নিৰ্বাচনৰ পূৰ্বে এই আশা ব্যক্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে ৷ ই টিভি ভাৰতৰ কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত সমাগত নিৰ্বাচন তথা প্ৰচাৰভিযান সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে: কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী

কাজিৰঙা, 16 এপ্ৰিল: "ভয়-ভাবুকিৰে মানুহৰ অধিকাৰ নাইকিয়া কৰা বিজেপিক উৎখাতৰ সংকল্পৰে কাজিৰঙাত প্ৰচাৰ চলোৱা হৈছে ৷" ই টিভি ভাৰতৰ আগত এনেদৰে কয় কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে ৷ তিৰ্কীয়ে লগতে কোনো কাৰণতে যাতে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে দলটোৱে অব্যাহত ৰাখিছে বুলি জনায় ৷

INDIA গোটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে লগতে কয়, "বিজেপিয়ে ভয়-ভাবুকিৰে মানুহৰ অধিকাৰ নাইকিয়া কৰি পেলাইছে ৷ উন্নয়নৰ কথা বিজেপিয়ে কয় যদিও প্ৰকৃতাৰ্থত উন্নয়ন হোৱা নাই ৷ চাহ জনগোষ্ঠীৰ লোকৰ মাটিৰ পট্টা নিদিয়া, চাহ শ্ৰমিকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ লগতে মূল্যবৃদ্ধিৰে জনগণক মাধমাৰ শোধোৱা, থলুৱাক উচ্ছেদ কৰি বিদেশীক বৰঘৰত আশ্ৰয় দিয়া বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে ৷ কিন্তু, উচিত কথা ক’লেই জেলত ভৰোৱা বিজেপিৰ স্বৈৰাচাৰী নীতিৰ বাবেই ৰাইজে মৌনতা অৱলম্বন কৰিছে ৷ অৱশ্যে ৰাইজে ই ভি এমত উচিত প্ৰত্যুত্তৰ দিব ৷"

জীৱনদায়িনী দৰৱৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা শাসকীয় দলটোৰ গণবিৰোধী স্থিতিক সমালোচনা কৰি ৰ’জলীনা তিৰ্কীয়ে কয় যে কামাখ্যা তাছাই কেইবাবাৰো সাংসদ হৈ থকাৰ পাছতো অসমৰ জনগণৰ হৈ সংসদত এটা শব্দও নক’লে ৷ কাজিৰঙাৰ জনতাৰ দুখ-দুৰ্দশাৰ কথা সংসদত যাতে উত্থাপন কৰিব পাৰি তাৰ বাবেই কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় ৰ’জলীনা তিৰ্কীয়ে ৷

কংগ্ৰেছৰ বোকাখাত ব্লকৰ সভাপতি সীমান্ত শইকীয়া, পূৰ্বৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, মিনতি দলে, ইয়ং ব্ৰীগেডৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জিতু শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া বৰ্তমানৰ কংগ্ৰেছ কৰ্মী উৎপল দলে, বিজু পেগু লক্ষী শইকীয়া, যুৱ-কংগ্ৰেছী নেতা, মহিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ লগতে ৰাইজৰ দলৰ জীৱন বৰা, অসম জাতীয় পৰিষদৰ ভাৰতী দত্ত আদিকে ধৰি শতাধিক নেতা-কৰ্মীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ প্ৰচাৰভিযানত সংগ দিয়ে ৷

লগতে পঢ়ক: কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ? - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.