ETV Bharat / politics

পাঁচ লাখ ভোটত জিকিব সৰ্বানন্দ সোণোৱাল : প্ৰশান্ত ফুকনৰ ভৱিষ্যদ্বাণী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:46 PM IST

Dibrugarh LS Seat : ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল পাঁচ লাখ ভোটত জিকিব ৷ এই ভৱিষ্যদ্বাণী বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ আনহাতে এই ভৱিষ্যদ্বাণী নফলিয়ালে নিজৰ নাম কাটি দিব বুলিও কয় বিধায়ক ফুকনে ৷

Dibrugarh LS Seat
প্ৰশান্ত ফুকনৰ ভৱিষ্যতবাণী

'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক প্ৰশান্ত ফুকনৰ

গুৱাহাটী, 28 মাৰ্চ : ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল পাঁচ লাখ ভোটত জিকিব ৷ এই ভৱিষ্যদ্বাণী বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ আনহাতে এই ভৱিষ্যদ্বাণী নফলিয়ালে নিজৰ নাম কাটি দিব বুলিও কয় বিধায়ক ফুকনে ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক প্ৰশান্ত ফুকনে বিধায়ক অখিল গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' সন্দৰ্ভত তেওঁ কয় যে এতিয়া 'কা'ৰ কথা ক'লে গাঁৱৰ মানুহে কালভাৰ্টটোৰ কথা কয় ৷ 'কা'ৰ নামত এক শতাংশও একো নাই বুলি প্ৰকাশ কৰি তেওঁ কয় যে 'কা' বলৱৎ কৰাৰ পাচত এজনেও নাগৰিকত্ব বিচাৰি আবেদন কৰা নাই ৷ বিধায়কগৰাকীয়ে লগতে কয় যে, কোনেও আবেদন কৰা নাই যেতিয়া এই মুহূৰ্তলৈকে এজনো বিদেশী নাই বুলি প্ৰমাণিত হৈছে ৷

তেওঁ লগতে কয় যে 'কা' সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ে যি ৰায় দিব সেয়াই হ'ব ৷ ইয়াক লৈ আন্দোলন কৰাৰ কোনো যুক্তি নাই ৷ তেওঁ কয় যে 'কা'ৰ বিৰোধিতা কৰা লুৰীণজ্যোতি গগৈয়ে আঢ়ৈ লাখৰ পৰা তিনি লাখ ভোট পাব ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগত তেওঁ কয় যে এটাৰ পাচত এটা নিৰ্বাচনত পৰাজয় বৰণ কৰা দলটোৰ সভাপতিগৰাকীৰ কোনো গুৰুত্ব নাই ৷ 2026 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 10 খন আসন পাব নে নাই তাৰ সন্দেহ আছে বুলি মন্তব্য কৰে বিধায়ক প্ৰশান্ত ফুকনে ৷

লগতে পঢ়ক : ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা - Lok Sabha Election 202

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.