কংগ্ৰেছ দল শেষ হৈ গ’লেও মই অকলে নলবাৰী জিলাত দলটো জীয়াই ৰাখিম: ৰাতুল পাটোৱাৰী
Ratul Patowary reaction : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে বিজেপিত যোগদান কৰিব বুলি কৰা মন্তব্যৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী কংগ্ৰেছত । ইয়াৰ পিচতে বিজেপিত যোগদানৰ বাবে কোনো বিজেপি শীৰ্ষ নেতাৰে যদি বাৰ্তালাপ কৰাৰ ভৱেশ কলিতাক প্ৰমাণ দিবলৈ দাবী জনায় পাটোৱাৰীয়ে ।

Published : February 20, 2024 at 9:35 PM IST
নলবাৰী, ২০ ফেব্ৰুৱাৰী : "অসমৰ সন্মানীয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য অসমৰ ৰাইজেও আগতে শুনিছে আৰু আগলৈও শুনি থাকিব, কাৰণ অযোগ্যজনক যেতিয়া চৰকাৰ চলি থকা দলৰ সভাপতি দিয়া হয় তেতিয়া তেওঁৰ পৰা ভাল মন্তব্য আশা কৰা সমীচিন নহয় ৷ ভৱেশ কলিতা চিণ্ডিকেট মাষ্টাৰ ৷" বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্যক উভতি ধৰি এইদৰে মন্তব্য প্ৰকাশ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, অহা ২৯ ফেব্ৰুৱাৰীত ভাৰতৰ প্রতিৰক্ষা মন্ত্ৰী তথা প্রাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বৰপেটাৰোডত এক জনসভাত অংশগ্ৰহণ কৰাৰ উপলক্ষে বৰপেটাৰোডত এক প্রস্তুতি সভা অনুষ্ঠিত হয় । ১১ জন মন্ত্রী বিধায়ক সহ ১০টা সমষ্টিৰ দলীয় নেতা কৰ্মীৰ উপস্থিতিত মঙলবাৰে এই দলীয় সভাখন অনুষ্ঠিত হয় ।এই সভাতে বৰপেটা লোকসভা সমষ্টিত আগন্তুক নিৰ্বাচনত মিত্ৰ দলে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ লগতে বিজয়ী হ’ব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । আনহাতে ২২ ফেব্ৰুৱাৰীত হ’বলগীয়া সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগ দিব বুলি মন্তব্য কৰে বিজেপিৰ সভাপতিগৰাকীয়ে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে বিজেপিত যোগদান কৰিব বুলি কৰা মন্তব্যৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী কংগ্ৰেছত ।
ইতিমধ্যে ভৱেশ কলিতাই কৰা মন্তব্যক হাস্যকৰ যুক্তিৰে তীব্ৰ আক্ৰমনাত্মক প্ৰতিক্ৰিয়া আগবঢ়াই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে । ৰাতুল পাটোৱাৰীয়ে টুলুঙা আখ্যাৰে ভৱেশ কলিতাক অযোগ্য আখ্যা দিয়ে ।
ৰাতুল পাটোৱাৰীয়ে কয় যে, বিজেপিত যোগদানৰ বাবে কোনো বিজেপি শীৰ্ষ নেতাৰে যদি বাৰ্তালাপ কৰাৰ ভৱেশ কলিতাক প্ৰমাণ দিবলৈ দাবী জনায় । ভৱেশ কলিতাই প্ৰমাণ দিব পাৰিলে ৰাতুল পাটোৱাৰীয়ে ৰাজনৈতিক আৰু সামাজিক জীৱন ত্যাগ কৰিব বুলি জানিবলৈ দিয়ে । আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কোনো তথ্যহীন মন্তব্যৰে কংগ্ৰেছ কৰ্মীসকলৰ মাজত মনোমালিন্য অনাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে ৰাতুল পাটোৱাৰীয়ে । ভৱেশ কলিতাক সৎসাহসেৰে তেওঁৰ মন্তব্যক প্ৰমাণ দিবলৈ দাবী জনায় ৰাতুল পাটোৱাৰীয়ে ।
লগতে পঢ়ক: বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভৱন ভাৰ্চুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰীৰ

