ETV Bharat / politics

ৰাহুল গান্ধী ১৭ এপ্ৰিলৰ পৰিৱৰ্তে ২০ এপ্ৰিলত আহিব অসমলৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 9:37 PM IST

Rahul Gandhi Assam Visit
ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ দিন সলনি

Rahul Gandhi Assam Visit: ২০ এপ্ৰিলতহে অসমলৈ আহিব ৰাহুল গান্ধী ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে নাহে কংগ্ৰেছ নেতাগৰাকী ৷ অৱশ্যে ১৬ এপ্ৰিলত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবহি প্ৰিয়ংকা গান্ধীয়ে ।

গুৱাহাটী, ১১ এপ্ৰিল: সলনি হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী । পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাহুল গান্ধী ১৭ এপ্ৰিলত অসমলৈ অহাৰ কথা আছিল । ৰাহুল গান্ধীয়ে ১৭ এপ্ৰিলত যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল । যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ পিচতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ হৈ ডিব্ৰুগড়ত দিনৰ ১ বজাত প্ৰচাৰ চলোৱাৰ কথা আছিল ৰ‍াহুল গান্ধীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ কথা আছিল যদিও সেই কাৰ্যসূচী বাতিল কৰা হয় । দলীয় সূত্ৰে জানিব পৰা মতে ১৭ এপ্ৰিলৰ পৰিৱৰ্তে ৰাহুল গান্ধী ২০ এপ্ৰিলত অসমলৈ আহিব । ২০ এপ্ৰিলত ৰাহুল গান্ধীয়ে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাব । অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাহুল গান্ধী প্ৰচাৰ চলাবলৈ নাহে ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰহে বাবে প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী ৷ উল্লেখ্য যে ১৯ এপ্ৰিলত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে ২৬ এপ্ৰিলত নগাঁও, শিলচৰ, কৰিমগঞ্জ, ডিফু আৰু দৰং-ওদালগুৰিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লক্ষ্যণীয় বিষয় যে ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ব'হাগ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতেই অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ১৬ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ এপ্ৰিলত বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে নলবাৰীত নিৰ্বাচনী সভা সম্বোধন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এই আগমনৰ বাবে দলীয় নেতা-কৰ্মীসকলে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ।

উল্লখ্য যে বৰপেটা সমষ্টিটো বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছে আৰু অগপই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে বিধায়ক ফণীভূষণ চৌধুৰীক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব । দলীয় সূত্ৰে জানিব পৰা মতে ১৬ এপ্ৰিলৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হৈ নিশাটো গুৱাহাটীতে কটাব ।

গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে জালুকবাৰীৰ পৰা মালিগাঁৱলৈ আহিব ৰাইজৰ সম্ভাষণ লৈ । লগতে মাছখোৱাৰ পৰা শুক্ৰেশ্বৰলৈ ৰেলীত অংশগ্ৰহণ কৰিব । ১৭ এপ্ৰিলৰ পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নলবাৰীত অনুষ্ঠিত হ'বলগীয়া বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ।

লক্ষ্যণীয় বিষয় যে ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামনিৰ নলবাৰীত প্ৰচাৰ চলোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে উজনিৰ ডিব্ৰুগড় আৰু যোৰহাটত প্ৰচাৰ চলোৱাৰ কথা আছিল । কিন্তু হঠাতে ৰাহুল গান্ধীৰ ১৭ এপ্ৰিলৰ কাৰ্যসূচী বাতিল কৰা হয় । অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা ৰাজহুৱা কৰা হোৱা নাই ।

ইফালে ৰাহুল গান্ধীৰ ১৭ এপ্ৰিলৰ কাৰ্যসূচী বাতিল হ'লেও ১৬ এপ্ৰিলত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী । প্ৰিয়ংকা গান্ধীয়ে ১৬ এপ্ৰিলত যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । সিদিনাই প্ৰিয়ংকা গান্ধীয়ে যোৰহাটৰ উপৰি ত্ৰিপুৰাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: শুকুৰবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া-বিশ্বনাথত চলাব প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.