ETV Bharat / politics

নিৰ্দলীয় নহয়, দলীয় প্ৰাৰ্থী হিচাবে কোকৰাঝাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:16 PM IST

Prithviraj Narayan Dev Mech : নিৰ্বাচন আয়োগৰ পঞ্জীয়নকৃত আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে ৷ কোকৰাঝাৰ লোকসভাৰ নিৰ্বাচনী যুঁজ এইবাৰ মহাভাৰতৰ যুদ্ধৰ নিচিনা হ'ব বুলি মন্তব্য কৰিছে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে ।

Prithviraj Narayan Dev Mech
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ সংবাদমেল

কোকৰাঝাৰ, 10 মাৰ্চ : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থী সকল তৎপৰ হৈ পৰিছে ৷ এইক্ষেত্ৰত পিচপৰি থকা নাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফ দলৰ পেনেল লিষ্টত নাম থকা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ ৷ আনকি চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ পঞ্জীয়নকৃত আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা ঘোষণা কৰিছে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে ৷

দেওবাৰে কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত এক সংবাদমেল সম্বোধন কৰি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰিব বুলি সদৰী কৰে ৷ উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ তিনিজনীয়া পেনেল লিষ্টত নাম থকা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ আজিৰ বক্তব্যত বহু প্ৰশ্নৰ উদয় হৈছে ৷ কাৰণ বিপিএফৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্বেই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি সংবাদমেলত বাৰম্বাৰ কয় পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব চূড়ান্ত নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে কয় যে, সেয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হে ক‘ব পাৰিব ৷ তেওঁ কোন দলৰ পৰা মনোনয়ন দাখিল কৰিব সাংবাদিকে জানিব বিচৰাত তেওঁ কয় যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নহয় তেওঁ পঞ্জীয়নকৃত আৰু স্বীকৃত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে মনোনয়নপত্ৰ দাখিল কৰিব ৷ লগতে সকলো জাতি-জনগোষ্ঠীক লৈ আগুৱাই যোৱাৰ লগতে, সংসদত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু বিটিচিৰ উন্নয়নৰ বাবে মাত মাতিব বুলি মন্তব্য কৰে তেওঁ ৷ তেওঁ কোকৰাঝাৰ লোকসভাৰ নিৰ্বাচনী যুঁজখন এইবাৰ মহাভাৰতৰ যুদ্ধৰ দৰে হ'ব আৰু ইয়াত ন্যায় -অন্যায় আৰু ধৰ্ম-অধৰ্মৰ মাজত যুঁজ হৈ সত্য প্ৰতিষ্ঠা হ'ব বুলিও মন্তব্য কৰিছে পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে ।

বিপিএফ দলৰ পৰা টিকট লাভ নকৰিলে আন দলৰ প্ৰাৰ্থী হিচাপে হ’লেও কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন খেলিব নেকি বুলি সোধাত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে এই প্ৰশ্ন আওকাণ কৰি পঞ্জীয়নকৃত আৰু স্বীকৃত ৰাজনৈতিক দলৰ পৰা মনোনয়নপত্ৰ দাখিল কৰিব বুলি মন্তব্য কৰে ৷ আনহাতে ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচনী যুঁজত তিনি নম্বৰ স্থানত থাকিব বুলি মন্তব্য কৰিছে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ৷ ইফালে বিপিএফৰ প্ৰাৰ্থী তালিকাৰ পেনেল লিষ্টত নাম থকা খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে দুস্কৃতিকাৰীয়ে ভুৱা ষড়যন্ত্ৰ কৰি অপপ্ৰচাৰ চলাইছে বুলি উল্লেখ কৰি বিপিএফৰ নেতাৰ চৰিত্ৰত কোনো দাগ নাই বুলি মন্তব্য কৰে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ৷

লগতে পঢ়ক : সোণোৱালৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ মন: ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ জোৰদাৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.