ETV Bharat / politics

কোনে কিমান অক্সফৰ্ডৰ দৰে, কেম্বব্ৰিজৰ দৰে ভাল ইংলিছ কয় সেইটো নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:35 PM IST

Jorhat Lok Sabha Seat : কোনে কিমান অক্সফৰ্ডৰ দৰে, কেম্বব্ৰিজৰ দৰে ভাল ইংলিছ কয় সেইটো নালাগে ৷ তপন কুমাৰ গগৈৰ দৰে খাটি খোৱা সাধাৰণ মানুহ এজনেই লাগে ৷ এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

Jorhat Lok Sabha Seat
কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

পবিত্ৰ মাৰ্ঘেৰিটাৰ সাংবাদমেল

যোৰহাট, 1 এপ্ৰিল : হিমন্ত বিশ্ব শৰ্মাৰ এজন প্ৰতিনিধি তপন কুমাৰ গগৈক লাগে নে, ভাল ইংৰাজী কোৱা কোনোবা এজন মানুহক লাগে ৷ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ কৰি এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ সোমবাৰে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে সাংসদগৰাকী ৷

পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছক কটাক্ষ কৰি কয়- " পৰাজিত এটা দল, যিটো দলৰ 20-30 জন সাংসদে বিশাল লোকসভাৰ কোনোবা এটা চুকত থাকিব ৷ তাৰ এজন পৰাজিত সৈনিকৰ প্ৰতিনিধি হিচাবে আমাৰ মানুহে কাৰোবাক ভোট দি পঠিয়াব নে এইখন দেশক তৃতীয়বাৰৰ বাবে সেৱা কৰিবলৈ আগবঢ়া নৰেন্দ্ৰ মোদীৰ এজন সাৰ্থক প্ৰতিনিধিক নিৰ্বাচিত কৰিব ৷" সাংসদগৰাকীয়ে কয় যে, তাহানিৰ স্বৰ্গদেউৰ দিনৰ পৰাই ৰাজনৈতিকভাৱে সচেতন যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ মানুহক ৰাজনীতি শিকাব নালাগে ৷ তেওঁলোকে জানে যে, নিজৰ গাঁওখন, পঞ্চায়তটো, ব্লকটো উন্নয়নৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি তপন গগৈক লাগে নে ভাল ইংৰাজী কোৱা কোনোবা এজন মানুহক লাগে বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷

বিজেপি নেতাজনে পুনৰ কয়- "ইংৰাজী চাবলৈ, শুনিবলৈ ফেচবুকত ভাল, বক্তৃতা শুনিবলৈ ভাল ৷ আমাৰ মানুহে বিচাৰে চিকিৎসা মহাবিদ্যালয় হওক, চিকিৎসাৰ মান উন্নত হওক, পথসমূহ পকী হওক ৷ তাত ইংলিছ নালাগে, কোনে কিমান অক্সফৰ্ডৰ দৰে, কেম্বব্ৰিজৰ দৰে ভাল ইংলিছ কয় সেইটো নালাগে ৷ তপন গগৈৰ দৰে খাটি খোৱা সাধাৰণ মানুহ এজনেই লাগে ৷ সমুখৰ ৰাস্তাটো পকী কৰিবৰ বাবে, মাজুলীৰ দলং নিৰ্মাণ কৰিবৰ বাবে, লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ বাবে ইংলিছ কোৱা চাহাব নালাগে ৷"

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কটাক্ষ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ব্ৰিটিছৰ দৰে ইংৰাজী কৈ, ৰীল চাই ভাল পাই, তেওঁৰ ফেচবুক চাই ভাল পাই তেনেধৰণৰ চিন্তা-চৰ্চাৰ পৰা শিৱসাগৰ, যোৰহাট, চৰাইদেউ বহুযোজন আঁতৰত ৷ বিজেপি প্ৰাৰ্থী আছে গাঁৱে গাঁৱে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজন আছে ফেচবুক আৰু টুইটাৰ লাইভত ৷ মানুহে ভোট দিব হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু তপন গগৈক, মানুহে নিজৰ অঞ্চলটোৰ বিকাশৰ বাবে ভোট দিব ৷ মানুহে সদ্যসতে অক্সফৰ্ড, কেম্বব্ৰিজক ভোট নিদিয়ে বুলি মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক বাজপেয়ী ভৱনলৈ পঠিয়াই 2026 ত জনতা ভৱন দখলৰ হুংকাৰ ভূপেন বৰাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.