ETV Bharat / politics

কংগ্ৰেছক কৌৰৱ বাহিনীৰে তুলনা সুৰেশ বৰাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 6:27 PM IST

Lok Sabha Election 2024: কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাজত বাকযুদ্ধ অব্যাহত আছে । ৰকিবুল হুছেইনৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সুৰেশ বৰাই কয় যে ইমান দিনে অন্যায়ৰ লগত আছিল বাবে তেওঁ পাপী আছিল । এতিয়া তেওঁৰ পাপ আঁতৰিব আৰু নিৰ্বাচনতো জয়ী হ'ব ।

Lok Sabha Election 2024
নিৰ্বাচনৰ প্ৰাকক্ষণত তুংগত ৰকিবুল-সুৰেশৰ বাকযুদ্ধ

নিৰ্বাচনৰ প্ৰাকক্ষণত তুংগত ৰকিবুল-সুৰেশৰ বাকযুদ্ধ

নগাঁও,৬ এপ্ৰিল : ই টিভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ এক বিশেষ সাক্ষাৎকাৰ । ই টিভি ভাৰতৰ সৈতে সেই সাক্ষাৎকাৰত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ সৈতে ককাই-ভাইৰ দৰে সম্পৰ্ক থকা বুলি মন্তব্য কৰিছিল সুৰেশ বৰাই । আনকি ৰকিবুল হুছেইনেই সুৰেশ বৰাক ৰাজনীতিত প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰি ধুবুৰীৰ পৰা জয়ী হৈ সাংসদলৈ নিৰ্বাচিত হ'ব বুলি আশা প্ৰকাশ কৰি হুছেইনেক শুভেচ্ছাও জনাইছিল বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

কিন্তু মাত্ৰ ৪-৫ দিন পিচতেই হঠাৎ ৰকিবুল হুছেইনক লৈ সুৰ সলনি হ'ল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ । শুকুৰবাৰে নিশা নিজা বাসভৱনত হঠাৎ সংবাদ মাধ্যমক সম্বোধন কৰি এইবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে সুৰেশ বৰা । ইফালে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ পাপ থকাৰ বাবেই বিগত তিনিটাকৈ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ পিচতো বিধানসভাত সুৰেশ বৰা জয়ী হ’ব পৰা নাই বুলি ৰকিবুল হুছেইনে কৰি অহা কটাক্ষৰ অৱশেষত প্ৰত্যুত্তৰ দিলে সুৰেশ বৰাই ।

বিগত সময়ত অন্যায়ৰ পক্ষত থকাৰ কথা উল্লেখ কৰি মহাভাৰতৰ প্ৰসংগ উল্লেখ কৰিলে সুৰেশ বৰাই । বিগত সময়ত 'কৌৰৱ'ৰ লগত থকাটোৱেই পাপ আছিল যাৰ বাবে তেওঁ জয়ী হ'ব পৰা নাই বুলি দাবী কৰিলে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই । বিগত সময়ত কংগ্ৰেছত থকাটোৱেই যে পাপ আছিল সেয়া এইবাৰ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে সুৰেশ বৰাই ।

ইফালে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকো সমালোচনা কৰে সুৰেশ বৰাই । কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মনে মনে গৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামক সাক্ষাৎ কৰে বুলি তেওঁ অভিযোগ কৰে । এ আই ইউ ডি এফৰ সমৰ্থন বিচৰা প্ৰদ্যুৎ বৰদলৈক এতিয়া অসমীয়া ৰাইজে চিনি পোৱাটো উচিত বুলিও মন্তব্য কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ।

লগতে পঢ়ক :জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দলত্যাগী কংগ্ৰেছীৰ - AIUDF Joining In Dhubri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.