ETV Bharat / politics

জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দলত্যাগী কংগ্ৰেছীৰ - AIUDF joining in dhubri

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 7:10 AM IST

AIUDF joining
জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দলত্যাগী কংগ্ৰেছীৰ

AIUDF joining : কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দলত্যাগী কংগ্ৰেছীৰ ৷ ধন সংগ্ৰহকে ধৰি কেবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰধান বিৰোধী দলটোৰ বিৰুদ্ধে ৷ সমাগত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভতো ভৱিষ্যত বাণী কৰিলে ক্ষোভিত প্ৰাক্তন কংগ্ৰেছীয়ে ৷

জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দলত্যাগী কংগ্ৰেছীৰ

ধুবুৰী, 6 এপ্ৰিল: খহনীয়া অব্যাহত কংগ্ৰেছ দলত ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰি দলত্যাগ কৰিলে এজন পুৰণি কংগ্ৰেছীয়ে ৷ 1992 চনৰ পৰাই কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ থকা ধুবুৰীৰ দলত্যাগী কংগ্ৰেছ নেতাজন হ’ল ৰেজাউল ইছলাম ৷ আনকি ৰেজাউলে ধন দিব নোৱাৰা কংগ্ৰেছ নেতা কৰ্মীক ৰকিবুল হুছেইনৰ কাষলৈ যোৱাত বাধা দিয়ে বুলিও গুৰুতৰ অভিযোগ তোলে ।

শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰি এআইইউডিএফত যোগদান কৰা কংগ্ৰেছ নেতা ৰেজাউল ইছলামে লগতে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বাবে ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰত বিসম্বাদৰ জুই জ্বলি আছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

উল্লেখ্য যে, ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত মধুশৌলমাৰী টিয়ামাৰী জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছ নেতা ৰেজাউল ইছলাম (ৰিংকু) আৰু কুমাৰগঞ্জ টিয়ামাৰী জিলা পৰিষদৰ সদস্য (কংগ্ৰেছৰ) আনোৱাৰ হুছেইনসহ অৰ্ধ শতাধিক কংগ্রেছ কৰ্মীয়ে শুকুৰবাৰে বদৰুদ্দিন আজমলৰ ধুবুৰীস্থ বাসগৃহত এআইইউডিএফ দলৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম (কনিষ্ঠ), ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগদান কৰে ।

এআইইউডিএফত যোগদান কৰাৰ পাছতে ৰেজাউল ইছলামে বিস্ফোৰক মন্তব্য কৰি কয়, "নিৰ্বাচনৰ বাবে ৰকিবুলে ধুবুৰী লোকসভা সমষ্টি ভ্ৰমণ কৰি আছে । নিৰ্বাচনৰ নামত ধনো সংগ্ৰহ কৰি আছে ৷ এই কংগ্ৰেছ দল বহু আগতেই ত্যাগ কৰিব লাগিছিল ৷ কিন্তু ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু গান্ধীজিৰ নীতি আদৰ্শৰ কাৰণে দল ত্যাগ কৰা নাছিলো । দলত্যাগ কৰাৰ এটাই কাৰণ ৰকিবুল হুছেইনৰ কুশাসন ৷ তেওঁ যেনেকৈ নেতৃত্ব দি আহিছে মোৰ নিচিনা বহু যোগ্য নেতা কংগ্ৰেছৰ শেষৰ বেঞ্চত বহি থাকিব লগা হয় । যিসকল নেতা-কৰ্মীয়ে পকেটত হাত দিব পাৰিব তেওঁলোকৰহে প্ৰাধান্য বেছি ৷"

ইপিনে যোগদান কাৰ্যসূচীৰ পাছত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয়, "কংগ্ৰেছৰ অভিশাপ লাগিছে ৷ কোকৰাঝাৰ কাণ্ড, এনআৰচি, 'ডি' ভোটাৰ, গৰীৱ-দুখীয়া আদি কৰি সকলোৰে অভিশাপ লাগিছে । যাৰ বাবে কংগ্ৰেছ আজি শূণ্য হ’ব ধৰিছে । কংগ্ৰেছৰ গৌৰৱ গগৈৰ বাদে কোনেও জিকিব নোৱাৰে কংগ্ৰেছ শূণ্য হ’ব ।"

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে বিধায়ক কৰিম উদ্দিন বৰভূঞাই কয়, "এআইইউডিএফত যোগদান কাৰ্যসূচী চলি আছে ৷ আজি ধুবুৰীত, কালি গোৱালপাৰাত ৷ ইয়াৰ পাছত ঈদৰ পিছত যোগদানৰ জোৱাৰ উঠিব । ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইন বিপুল ভোটত হাৰিব কাৰণ তেওঁ বিপদৰ সময়ত ধুবুৰীবাসীৰ ওচৰত থিয় হোৱা নাছিল ৷ যিহেতু এটা সময়ত তেওঁ ধুবুৰীৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী আছিল ৷"

লগতে পঢ়ক: কংগ্রেছত টকা উঠোৱা হ'লেই বিজেপিলৈ আহিব ভূপেন বৰা: জয়ন্ত মল্লবৰুৱা - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.