ETV Bharat / politics

কংগ্রেছত টকা উঠোৱা হ'লেই বিজেপিলৈ আহিব ভূপেন বৰা: জয়ন্ত মল্লবৰুৱা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:14 PM IST

Lok Sabha elections 2024 : ২০২৫ ত বিজেপিলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে এইবাৰ সুৰ মিলালে মন্ত্রী জয়ন্ত মল্লবৰুৱাই । ভূপেন বৰা প্ৰসংগত আৰু কি ক'লে জয়ন্ত মল্লবৰুৱাই ?

Cabinet Minister Jayant Mallabaruah
কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা
কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা

লখিমপুৰ, ৫ এপ্রিল : "কংগ্রেছত পইচা উঠোৱা হ'লেই ভূপেন বৰা বিজেপি দললৈ আহিব । " এই মন্তব্য় মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ । শুকুৰবাৰে লখিমপুৰৰ ফুলবাৰীত দলীয় প্রার্থীৰ হৈ তেওঁ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সংবাদ মাধ্য়মৰ আগত এইদৰে কয় । প্ৰদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে তেওঁ সৰৱ হৈ পুনৰ কয়," প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা কেৱল পইচা উঠাবৰ বাবেহে কংগ্রেছ দলত আছে । পইচা উঠোৱা শেষ হ'লেই তেওঁ বিজেপি দললৈ আহিব । "

মন্ত্রী জয়ন্ত মল্লবৰুৱা পুনৰ কয়," ভূপেন বৰাই নিৰ্বাচনী কাম-কাজত গুৰুত্ব দিয়াৰ সলনি পইচা উঠোৱাৰ চেষ্টাতহে আছে । তেওঁৰ কথা কোনে বিশ্বাস কৰিব । পইচা উঠোৱা শেষ হ'লেই তেওঁ বিজেপিত যোগদান কৰিব । " ভূপেন বৰাক তীব্র আক্ৰমণ কৰি তেওঁ কয় যিয়ে টিকট দিয়াৰ নামত, হাৱালা কৰি পইচা উঠাই থাকে তেনে মানুহক ৰাজনীতি কৰিব বিচৰা মানুহে কেনেকৈ বিশ্বাস কৰিব । তেওঁ কেৱল চান্দা ল'বৰ বাবেহে কংগ্রেছ দলত আছে । কোন থাকিব তেওঁৰ লগত ।" ইপিনে,কংগ্রেছ প্ৰাৰ্থীগৰাকীকো সমালোচনা কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়," প্ৰাৰ্থীজন গেছ এজেন্সিৰ মালিক । তেওঁৰ এজেন্সিলৈ গ'লে মে আই কাম ইন বুলি অনুমতি লৈহে সোমাব লাগে । " তেনে এজন মানুহক ৰাইজে ভোট নিদিয়ে বুলি কয় মন্ত্রী বৰুৱাই ।

উল্লেখ্য় যে বিগত কিছুদিনৰ পৰা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা ২০২৫ চনত বিজেপিলৈ আহিব বুলি প্ৰচাৰ চলাই আহিছে । বিভিন্ন সভা-সমিতিত মুখ্যমন্ত্রীগৰাকীয়ে সজোৰে এই ঘোষণা কৰি আহিছে । আনকি তেওঁ এই কথা লিখি ৰাখক বুলিও সাংবাদিকক আহ্বান জনাইছে একাধিকবাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনে বক্তব্যৰ সুৰত সুৰ মিলাই শুকুৰবাৰে মন্ত্রী জয়ন্ত মল্লবৰুৱায়ো লখিমপুৰত একেই কথা ক'লে ভূপেন বৰাৰ প্ৰসংগত।

লগতে পঢ়ক:ভূপেন বৰাক মুখ্যমন্ত্ৰী পতাৰ বাবে চেষ্টা চলাই আছে ড৹ শৰ্মাই ! নিজ মুখে ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে - Himanta Biswa Sarma On Bhupen Borah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.