ETV Bharat / politics

হুইল চকীত বহি নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদ তপন কুমাৰ গগৈয়ে - Topon Kumar Gogoi

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:33 PM IST

Topon Kumar Gogoi: ভৰিত আঘাতপ্ৰাপ্ত তপন কুমাৰ গগৈয়ে হুইল চেয়াৰত বহিয়েই চলাবলগীয়া হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰেও চৰাইদেউ জিলাখনত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে ৷

TOPON KUMAR GOGOI
হুইল চকীত বহি নিৰ্বাচনী প্ৰচাৰ তপন কুমাৰ গগৈৰ

হুইল চকীত বহি নিৰ্বাচনী প্ৰচাৰ তপন কুমাৰ গগৈৰ

ডিব্ৰুগড়, 21 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন ৷ প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ । ৰাজ্যৰ আনসমূহৰ দৰে যোৰহাট লোকসভা সমষ্টিতো ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোৰহাট লোকসভা সমষ্টিত এইবাৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈক বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা বিপৰীতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে ।

দুটা দিনৰ পূৰ্বে চৰাইদেউ জিলাৰ ৰাইজৰ মাজত দিনজোৰাকৈ প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । ইয়াৰ পিচতে হুইল চকীত বহি বহিয়েই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে তপন কুমাৰ গগৈয়ে । আজিৰ দিনটোত চৰাইদেউ জিলাখনত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তপন কুমাৰ গগৈয়ে ।

বৃহস্পতিবাৰে সাপেখাতীৰ বজাৰগৃহত অনুষ্ঠিত তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত অৰ্ধ শতাধিক লোকে যোগদান কৰে বিজেপি দলত । যোৰহাট লোকসভা সমষ্টিত পুনৰ সাংসদ হিচাপে জয়লাভ কৰিব বুলি দাবী কৰি তপন কুমাৰ গগৈয়ে কয়, ‘‘ মোৰ লোকসভা সমষ্টিৰ দহটা সমষ্টিৰ প্ৰতিটো চুক-কোণেই মই চিনি পাওঁ । সমষ্টিৰ প্ৰতিটো স্থানলৈ গৈ ৰাইজৰ সৈতে কথা পাতিছো, সমস্যাৰ বুজ লৈছো । সেয়ে মই নিশ্চিত ময়েই জয়লাভ কৰিম ।’’

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পূৰ্বে শিৱসাগৰৰ ডিমৌৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ ভৰিত আঘাত পাইছিল তপন কুমাৰ গগৈয়ে । দিল্লীত উন্নত চিকিৎসা কৰা পিচত ভগা ভৰিৰে হুইল চকীত বহি বহিয়েই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে তপন কুমাৰ গগৈয়ে ।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসন বিজেপিয়ে লাভ কৰিব : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.