ETV Bharat / politics

কংগ্ৰেছৰ এজন সাংসদে চাৰি-পাঁচ দিনৰ ভিতৰত বিজেপিত যোগদান কৰিব : প্ৰশান্ত ফুকন

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:45 PM IST

অগ্নিকুণ্ডত পৰিণত হোৱা কংগ্ৰেছ দলটোৰ ওচৰত আজি কোনো থাকিব বিচৰা নাই বুলি মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ ৷ কংগ্ৰেছৰ এজন সাংসদে চাৰি-পাঁচ দিনৰ ভিতৰত বিজেপিত যোগদান কৰিব বুলিও কয় তেওঁ ৷

MLA Prasanta Phukan
কংগ্ৰেছৰ ওচৰত আজি কোনো থাকিব বিচৰা নাই বুলি মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ

কংগ্ৰেছ দলক কটাক্ষ বিধায়ক প্ৰশান্ত ফুকনৰ

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : কংগ্ৰেছ দলটো বৰ্তমান এটা অগ্নিকুণ্ডত পৰিণত হৈছে ৷ এই মন্তব্য বিজেপিৰ বহুবল্কী বিধায়ক ৰূপে পৰিচিত প্ৰশান্ত ফুকনৰ ৷ বৃহস্পতিবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক ফুকনে কয় যে অগ্নিকুণ্ডত পৰিণত হোৱা কংগ্ৰেছ দলটোৰ ওচৰত আজি কোনো থাকিব বিচৰা নাই ৷ যাৰ বাবে বিধায়ক সকল কংগ্ৰেছৰ পৰা ওলাই আহিছে ৷

কংগ্ৰেছ দলটোৰ ভৱিষ্যৎ সম্পূৰ্ণ অন্ধকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে বিধায়কসকল ওলাই অহাৰ উপৰিও কংগ্ৰেছৰ এজন সাংসদে চাৰি-পাঁচ দিনৰ ভিতৰত বিজেপিত যোগদান কৰিব ৷ এটা দলৰ আগত কাঁইট থাকিলে কোনেও গছকিবলৈ নাযায় বুলি উল্লেখ কৰি তেওঁ কয় যে সকলোৱে কপাহত ভৰি দিয়াৰ চিন্তা-চৰ্চা কৰে ৷ বিজেপিত কোমল কোমল কপাহ আছে বাবেই সকলো বিজেপিলৈ ওলাই আহিছে বুলি তেওঁ কয় ৷

কংগ্ৰেছক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰাৰ ব্যৱস্থা হৈ আছে বুলি উল্লেখ কৰি বিধায়ক প্ৰশান্ত ফুকনে কয় যে কংগ্ৰেছৰ আৰু চাৰি-পাঁচজন বিধায়ক অতি সোনকালে এ আই ইউ ডি এফলৈ যাব ৷ সেয়া নিশ্চিত বুলি তেওঁ কয় ৷

উল্লেখ্য যে দীঘলীয়া সময় শাসনত থকা কংগ্ৰেছ দলটোৱে আজি বিভিন্ন দিশৰ পৰা বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ ক্ষমতাকেন্দ্ৰিক খোৱা-কামোৰা আৰু নিজৰ মাজতে বোকা ছটিওৱাৰ ৰাজনীতিয়ে দলটোক অস্থিৰ কৰি তুলিছে ৷ শেহতীয়াকৈ দুজনকৈ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে চৰকাৰক সমৰ্থন কৰা কাৰ্যই দলটোক অস্বস্তিত পেলাইছে ৷ দলটোৰ এনে পৰিস্থিতিৰ বাবেই শাসক পক্ষই ক্ষুৰধাৰ সমালোচনা কৰিবলৈ সুবিধা পাইছে কংগ্ৰেছ দলটোক ৷

লগতে পঢ়ক : বিধানসভাত সুৰ সলনি হ'ল চৰকাৰক সমৰ্থন জনোৱা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.