ETV Bharat / politics

বিধানসভাত সুৰ সলনি হ'ল চৰকাৰক সমৰ্থন জনোৱা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:54 PM IST

Kamalakhya Dey Purkayastha
কমলাক্ষ দে' পুৰকায়স্থ

Kamalakhya Dey Purkayastha: শাসকীয় বিজেপি দল অথবা চৰকাৰক নহয়, কংগ্ৰেছ দলকহে এতিয়া সমালোচনাৰ লক্ষ্য কৰি লৈছে কমলাক্ষ দে' পুৰকায়স্থই ৷ কংগ্ৰেছৰ শাসনকালকো সমালোচনা কংগ্ৰেছী বিধায়কগৰাকীৰ ৷

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: বিধানসভাত সততে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সুৰ সলনি হ’ল । সদনত চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা বিৰোধীৰ অন্যতম বিধায়কৰ ভিতৰত এজন আছিল কমলাক্ষ দে’ পুৰকায়স্থ ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু সৌ সিদিনা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে হঠাতে বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হোৱা কমলাক্ষ দে’ৰ আজি সুৰ সলনি হ’ল ৷ সমালোচনাৰ বিপৰীতে চৰকাৰক প্ৰশংসাৰে উপচাই পেলালে কমলাক্ষ দে’ পুৰকায়স্থই । বুধবাৰে বিধানসভাত কৃষি বিভাগৰ বাজেট কৰ্তন প্ৰস্তাৱ চলি থকা সময়তে অধ্যক্ষৰ পৰা দুই মিনিট সময় লৈ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে মুখ্যমন্ত্ৰীক তেওঁ যিমান সন্মান কৰে, তাৰ দহগুণ বেছি তেখেতৰ মানসিকতাক সন্মান কৰে । চৰকাৰীভাৱে ধান ক্ৰয় কৰাৰ প্ৰসংগত পুৰকায়স্থই কয় যে ২০০১ চনৰ পৰা ২০১৬ চনলৈ কাৰ চৰকাৰ আছিল সেয়া সকলোৱে জানে । সেই সময়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ চালে দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত টাৰ্গেট দি ধান ক্ৰয় কৰা হয় ।

2001ৰ পৰা 2016লৈকে এতিয়াৰ দৰে ধান ক্ৰয় কৰা দেখা নাই বুলি কয় কমলাক্ষ দে’ পুৰকায়স্থই । প্ৰথমবাৰৰ বাবে এনেদৰে লক্ষ্য দি ধান ক্ৰয় কৰা হৈছে বুলি কৈ তেওঁ কয় যে এয়া ইতিহাস । আজি ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে বুলি সদৰী কৰি তেওঁ কংগ্ৰেছৰ বিধায়কসকলক উদ্দেশ্য কৰি প্ৰশ্ন কৰে যে তেওঁলোকৰ চৰকাৰ থাকোতে কি কৰিছিল ?

আজি কংগ্ৰেছক বেছি সমালোচনা নকৰে বুলি মন্তব্য কৰি বিধায়ক পুৰকায়স্থই কয় যে কৃষকৰ বাবে এইখন চৰকাৰে কৰা কামৰ বাবে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিব লৈগে । তেওঁ মুখ্যমন্ত্ৰীৰ বিচক্ষণতাক কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰোপৰি বিজেপি সমৰ্থক তথা কংগ্ৰেছী বিধায়কগৰাকীয়ে সতীৰ্থ বিধায়কসকলক উদ্দেশ্য কৰি কয় যে গৰুখুঁটিৰ বিষয়টোৰ পৰা ওলাই আহিব লাগে, গৰুখুঁটিৰ প্ৰতি বেছি প্ৰেম হৈছে । মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমস্যাৰ সমাধান কৰাৰ আহ্বান জনাই তেওঁ কয় যে সদন ত্যাগ কৰি সমস্যাৰ সমাধান নহয় ।

বিধায়কগৰাকীয়ে লগতে বিৰোধী বিধায়কসকলক উদ্দেশ্যি কয় যে চৰকাৰৰ বিৰোধিতা কৰোতে কৰোতে তেওঁলোকে কৃষক, দেশ তথা এই বিধানসভাৰ বিৰোধিতা কৰিব লাগিব ৷ উল্লেখ্য যে বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ মাজতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সঘনে সৰৱ ভূমিকা গ্ৰহণ কৰা এইগৰাকী কংগ্ৰেছ বিধায়কে ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই চৰকাৰক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছিল ।

কমলাক্ষ দে’ পুৰকায়স্থৰ লগতে কংগ্ৰেছ বিধায়ক বসন্ত দাসেও চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায় । লক্ষ্যণীয় বিষয় যে কিছুদিন আগলৈকে বিধানসভাৰ ভিতৰে-বাহিৰে চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কমলাক্ষ দে’ পুৰকায়স্থই । এতিয়া সেইজন কমলাক্ষ দে’ পুৰকায়স্থই চৰকাৰৰ বিৰুদ্ধে কোনো কথা কোৱাটো দূৰৈৰে, শুনিবলৈকে নিবিচাৰে ।

লগতে পঢ়ক: দিল্লী বিধানসভা অধিৱেশনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.