ETV Bharat / politics

কংগ্ৰেছ দলে কিয় মোক নিলম্বন কৰা নাই ? প্ৰশ্ন কমলাক্ষ দে' পুৰকায়স্থৰ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:40 PM IST

Kamalakhya Dey Purkayastha: কংগ্ৰেছ দলে কি কাৰণে নিলম্বন কৰা নাই ধৰিবই পৰা নাই কমলাক্ষ দে’ পুৰকায়স্থই । ইফালে ৰাতি ৰাতি কোন কোন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ ঘৰলৈ যায় সেয়াও হেনো জানে বিজেপিক সমৰ্থন কৰা কংগ্ৰেছৰ বিধায়কগৰাকীয়ে ৷

Kamalakhya Dey Purkayastha
বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ মন্তব্য

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: ‘‘কংগ্ৰেছ দলৰ কি হৈছে মই ধৰিব পৰা নাই । মোক বিধায়ক পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষৰ কাষ চাপিব পৰা নাই ৷’’- এই মন্তব্য চৰকাৰক সমৰ্থন জনোৱা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ । বৃহস্পতিবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কংগ্ৰেছ দলক প্ৰশ্ন কৰি কয় যে কংগ্ৰেছ দলে কিয় তেওঁক নিলম্বন কৰা নাই ?

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ নিজে পদত্যাগ নকৰাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কমলাক্ষ দে’ পুৰকায়স্থই প্ৰত্যক্ষ উত্তৰ দিয়াৰ বিপৰীতে কয় যে কংগ্ৰেছ দলৰ কাৰ কিমান কোৱালিটী আছে তেওঁ জানে । ৰাতি ৰাতি মুখ্যমন্ত্ৰীক লগ ধৰি চি এল পি মিটিঙত কি হয় সকলো কথা কংগ্ৰেছৰ নেতাই কয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

এইবোৰ দেখি দেখি তেওঁৰ মূৰটো গৰম হোৱা বুলি সদৰী কৰি কয় যে চি এল পি মিটিঙত কি হয় সেইটো ক’বলৈ মুখ্যমন্ত্ৰীৰ ঘৰলৈ যায় । সংবাদ মাধ্যমৰ আগত এনেই বকি থাকি লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে ভিতৰত কি হৈ আছে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সকলো জানে ৷

এনেকৈ কৰাতকৈ মুকলিকৈ চৰকাৰক সমৰ্থন জনাব লাগে বুলি মন্তব্য কৰে কমলাক্ষ দে’ পুৰকায়স্থই ৷ কিবা ক’বলৈ আছে যদি মুকলিকৈ ক’বলৈ কংগ্ৰেছৰ বিধায়কসকলক আহ্বান জনায় কমলাক্ষ দে’ পুৰকায়স্থই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামবোৰৰ সমৰ্থন কৰিবলৈ কংগ্ৰেছৰ বিধায়কসকলক আহ্বান জনাই তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীক মুকলিকৈ সমৰ্থন কৰিলে অসমখন অধিক আগুৱাই যাব । শাসকীয় দলৰ লগত ভাল সম্পৰ্ক থকাসকলে তেওঁৰ বিৰুদ্ধে বেছিকৈ কয় বুলি বিধায়ক কমলাক্ষই মন্তব্য কৰে ।

আনহাতে ৰাজীৱ ভৱনত হৈ থকা ঘটনাসমূহ তথ্য সহকাৰে এটা এটাকৈ ফাদিল কৰিব বুলিও কমলাক্ষ দে’ পুৰকায়স্থই মন্তব্য কৰে । কংগ্ৰেছৰ দুই-চাৰিগৰাকী বিধায়ক বাদ দি সকলো বিজেপিৰ লগত মিলি আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিজেপি চৰকাৰক সমৰ্থন কৰা কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: এৰি যোৱা ঘৰখনলৈ দলে-বলে আহিল শংকৰ প্ৰসাদ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.