ETV Bharat / politics

দলৰ বেয়া নেতাসকলৰ ভয়ত পলাই নাযাওঁ :দেৱব্ৰত শইকীয়া - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:00 PM IST

MLA Debabrata Saikia
বিধায়ক দেৱব্ৰত শইকীয়া

Charaideo district Congress president : বিজেপিৰ হাতোৰা পৰা পাচত চৰাইদেউ জিলাৰ কংগ্ৰেছ শক্তিশালী কৰাৰ চেষ্টা প্ৰদেশ কংগ্ৰেছৰ । উৎপল গগৈক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ ।

বিধায়ক দেৱব্ৰত শইকীয়া

মৰাণ, ১ এপ্ৰিল: শাসক দল বিজেপিয়ে সমগ্ৰ দেশতে সৰ্বশক্তি প্ৰয়োগ কৰি লোকসভা নিৰ্বাচনত নামিছে । কিন্তু তেনে সময়ত অসমত এজনৰ পাচত আন এজন কংগ্ৰেছ নেতাই দল এৰিছে । যি সময়ত সমগ্ৰ দেশতে বিজেপি আগ্ৰাসী ৰূপত আগবাঢ়িছে তেনে সময়ত জ্যেষ্ঠ নেতাৰ দল ত্যাগে কংগ্ৰেছ দলটো বিপৰ্যস্ত কৰি তুলিছে । দুদিন পূৰ্বে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী নেতা শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে বিজেপিত যোগদান কৰে । ইয়াৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই ।

অনুজ বৰকটকীয়ে বিজেপিত যোগদান কৰাৰ পাচতেই তাৎক্ষণিকভাৱে দলটোৱে জিলাখনৰ প্ৰাক্তন প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈক জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে । আজি বৃহৎ ৰেলী কৰি নৱনিযুক্ত সভাপতি উৎপল গগৈক কংগ্ৰেছ কৰ্মীসকলে চৰাইদেউৰ সোণাৰিত জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰি আনে । দলীয় কৰ্মীক উষ্ম আদৰণি জনোৱাৰ পাচতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই উৎপল গগৈক দায়িত্বভাৰ প্ৰদান কৰে ।

শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা বহু নেতাই বিজেপিত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক দেৱব্ৰত শইকীয়াই কয়, "কংগ্ৰেছ দলটো দুৰ্বল নহয় । দলটোৰ কৰ্মীসকলৰ মনোবল ভাঙিবলৈ কংগ্ৰেছ নেতাসকলক বিজেপিত যোগদান কৰোৱাইছে । ইয়াৰ অন্তৰালত ভয়-ভাবুকি প্ৰলোভনৰ দৰে তিনিটা কাৰক থাকিব পাৰে । "

ইপিনে,তেওঁ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰ সম্পৰ্ক তেওঁ কয়,'কংগ্ৰেছ দলটো বেয়া নহয়, দুজনমান নেতাহে বেয়া । সেই বেয়া নেতাসকলৰ ভয়ত পলাই নাযাওঁ ।" দলৰ নীতি-আদৰ্শ বেয়া নোহোৱালৈকে কংগ্ৰেছ কৰি যাব বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ গেৰাণ্টীৰ কোনো গুৰুত্ব নাই: দেৱব্ৰত শইকীয়া - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.