ETV Bharat / state

মুখ্যমন্ত্রীৰ গেৰাণ্টীৰ কোনো গুৰুত্ব নাই: দেৱব্ৰত শইকীয়া - Lok sabha Election 2024

Lok Sabha election 2024 : "যোৰহাটৰ মানুহৰ মাজত ক্ষোভ আছে । বিজেপিৰ বিৰুদ্ধে ৰাইজৰ যথেষ্ট ক্ষোভ আছে ৷ বিজেপি, মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেৰান্টী বজাৰৰ টেঙা আমৰ‌ নিচিনা । যোৰহাটত সাংসদ গৌৰৱ গগৈ জয়ী হোৱাটো খাটাং ৷" - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

LOK SABHA ELECTION 2024
টেঙা আম এবাৰ-দুবাৰ বেচিব পাৰি, যদিও সদায় নোৱাৰি : দেৱব্ৰত শইকীয়া
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 8:23 PM IST

2 Min Read
Choose ETV Bharat
টেঙা আম এবাৰ-দুবাৰ বেচিব পাৰি, যদিও সদায় নোৱাৰি : দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২৮ মাৰ্চ : যোৰহাটত সাংসদ গৌৰৱ গগৈ জয়ী হোৱাটো খাটাং। এই ভৱিষ্যদ্বাণী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ সন্দৰ্ভত কয় যে, যোৰহাটৰ মানুহৰ মাজত ক্ষোভ আছে । বিজেপিৰ বিৰুদ্ধে ৰাইজৰ যথেষ্ট ক্ষোভ আছে ৷ বিজেপি, মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেৰান্টী বজাৰৰ টেঙা আমৰ‌ নিচিনা ।

২০১৪ চনৰ গেৰান্টীৰ ১০ শতাংশ পূৰণ কৰিব নোৱৰা দলটোৰ নতুন গেৰান্টীৰ কি মূল্য আছে বুলি শইকীয়াই প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে কংগ্ৰেছ নেতাৰ দল আৰু পদবী ত্যাগ সন্দৰ্ভত তেওঁ কয় যে, কংগ্ৰেছৰ যিসকল নেতা, বিধায়কৰ ওপৰত খোদ বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল আজি তেওঁলোককে বিজেপি দলত সুমুৱাই লৈছে। গতিকে বিজেপিৰ মুখত ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ কথা শোভা নাপায় । ৰাইজক সদায় প্ৰতাৰণা কৰিব নোৱাৰি ৷

তেওঁ লগতে কয় যে, টেঙা আম এবাৰ-দুবাৰ বেচিব পাৰি যদিও সদায় নোৱাৰি । অসন্তুষ্টি বিজেপি দলটোত আছে। বিজেপি দলটো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নতুন বিজেপিৰে ভৰাই দিলে ৷ পুৰণি বিজেপিসকলৰ যথেষ্ট ক্ষোভ আছে। মোদী ঢৌ লাহৈ লাহে কমি আহিছে ৷ বিজেপি চৰকাৰৰ দুৰ্নীতিৰ স্বৰূপটো লাহে লাহে পোহৰলৈ আহিছে ।

প্ৰধানমন্ত্রী আৰু মুখ্যমন্ত্রীক সমালোচনা কৰা সকলক বিজেপিলৈ যাব বুলি কৈ মুখ্যমন্ত্ৰীয়ে ব্লেকমেইলিঙৰ ৰাজনীতি কৰা বুলি দেৱব্ৰত শইকীয়াই মত প্ৰকাশ কৰে । যাতে সকলোৱে বিজেপিৰ দুৰ্নীতি নাইবা অসম বিৰোধী আইনৰ ক্ষেত্রত মুখ বন্ধ কৰি ৰাখে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্রীৰ গেৰাণ্টীৰ কোনো গুৰুত্ব নাই ।

লগতে পঢ়ক: দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী এতিয়া বিজেপিত: ত্যাগ কৰিলে কংগ্ৰেছ - SAVITRI JINDAL JOINS BJP