ETV Bharat / politics

অগণতান্ত্রিক-স্বৈৰাতান্ত্রিক কাম বন্ধ কৰক : মুখ্যমন্ত্রীলৈ বিশেষ আহ্বান অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:49 PM IST

CAA Protest
বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া

CAA Protest : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈৰ ৷

মুখ্যমন্ত্রীলৈ বিশেষ আহ্বান অখিল গগৈৰ

গুৱাহাটী, 29 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি 'কা' আন্দোলনৰ উকমুকনি আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন - 'কা' আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বেই কিয় এই অত্যাচাৰ ? উল্লেখ্য যে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাইলাকান্দিৰ জাহিৰউদ্দিন লস্কৰক আজি আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে তিনিচুকীয়া জিলাৰ ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক উমানন্দ মৰাণ আৰু ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই কাৰ্যত ক্ষোভিত হৈ পৰা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি পুনৰ কয় যে অসমত গণতান্ত্ৰিক সমগ্ৰ ব্যৱস্থাটো শেষ কৰি পেলাব বিচাৰিছে নেকি ৷ বিধানসভাত কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে স্বৈৰতন্ত্ৰ চলাব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ৷ আনহাতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গগৈয়ে কয় যে ডি জি পিয়ে আন্দোলনকাৰীৰ ওপৰত ক্ষতিপূৰণৰ বোজা জাপি দিয়াৰ কথা কৈছে ৷ মুখ্যমন্ত্ৰীয়ে স্বৈৰতন্ত্ৰৰ প্ৰকৃত ৰূপটো দেখুৱাব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এয়া অগণতান্ত্ৰিক, স্বৈৰাতান্ত্ৰিক, হিটলাৰতন্ত্ৰ ৷

তেওঁ লগতে কয় যে বিৰোধী ঐক্য মঞ্চই আজি সাক্ষাৎ কৰাৰ সময়ত ৰাজ্যপালে এই কামটো ৰাজ্য চৰকাৰে কৰিব পাৰিব বুলি সদৰী কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰক বুজনি দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওপৰত 'কা' জাপি দিয়াটো বন্ধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয় অত্যাচাৰ নমাই আনিছে ৷ মুখ্যমন্ত্ৰীক অগণতান্ত্ৰিক কাম বন্ধ কৰাৰ আহ্বান জনাই তেওঁ কয় যে- আপুনি অসমত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি নকৰিব ৷ গ্ৰেপ্তাৰ কৰা সকলক বিনাচৰ্তে শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে তেওঁ দাবী জনায় ৷ লগতে তেওঁ গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ৷

লগতে পঢ়ক : আন্দোলনকাৰীক সকীয়নি দিয়া ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.