ETV Bharat / politics

ব্যক্তিগত আক্ৰমণ কৰি নিৰ্বাচন খেলিব নালাগে :মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈয়ে - Reaction of Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 7:52 PM IST

Akhil Gogoi press conference
অখিল গগৈৰ সংবাদমেল

Akhil Gogoi Press Meet: গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলাৰ বাবে মুখ্যমন্ত্ৰী অস্থিৰতাত ভুগিছে বুলি মন্তব্য় কৰিছে অখিল গগৈয়ে । শিৱসাগৰত বিজেপিৰ এক সাংগঠনিক সভাত অংশ ল'বলৈ আহি অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিচতেই সৰৱ হৈ পৰে বিধায়কগৰাকী ।

অখিল গগৈৰ সংবাদমেল

শিৱসাগৰ, ৯ এপ্ৰিল: শিৱসাগৰত বিজেপিৰ এক সাংগঠনিক সভাত অংশ ল'বলৈ আহি অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গগৈয়ে ৷ আজি এক সংবাদমেলযোগে অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে কুৎসাৰটনা কৰিছে ৷ তেওঁ কয়,"গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলাৰ বাবে মুখ্যমন্ত্ৰী অস্থিৰতাত ভুগিছে ৷ টেনশ্যন হৈছে ৷ ৰাতি ৰাতি টোপনি ক্ষতি হৈছে মুখ্যমন্ত্ৰীৰ ৷ আবোল-তাবোল বকিছে আৰু পগলা হোৱাৰ দৰে হৈছে ৷"

অখিল গগৈয়ে কয়,"যোৰহাট লোকসভা সমষ্টিৰ মানুহে গৌৰৱ গগৈক জয়ী কৰিবৰ কাৰণে সাজু হৈছে ৷ ৰাইজৰ অপৰিসীম ক্ষমতা এইবাৰ যোৰহাটবাসীয়ে দেখুৱাব আৰু গৌৰৱ গগৈক জয়ী কৰাব ৷ "অখিল গগৈয়ে বিজেপিক প্ৰত্যাহ্বান জনাই কয়,"জাতীয় সমস্যাৰ বিষয়ে কথা কৈ নিৰ্বাচন খেলক ৷ ব্যক্তিগত আক্ৰমণ কৰি নিৰ্বাচন খেলিব নালাগে ৷ বানপানী সমস্যা বিজেপিয়ে দূৰ কৰিব নোৱাৰিলে ৷ এইবাৰ শিৱসাগৰত ব্যাপক ৰূপত বানপানী হ'ব ৷ ২৩ লাখ নিবনুৱাক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে ৷ "

অখিল গগৈক ভোট দি বিধানসভা নিৰ্বাচনত জয়ী কৰোৱাই শিৱসাগৰবাসী অনুতপ্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰি অখিল গগৈয়ে শিৱসাগৰৰ কাৰণে গ্ৰহণ কৰা উন্নয়নমূলক কামসমূহৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ কয়,"শিৱসাগৰৰ ৰাইজে যি আশাৰে মোক ভোট দিছিল,মই সেই আশাবোৰ পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছো ৷ বিধানসভাত মই লোৱা ভূমিকাৰ বাবে বিজেপি সদায় কম্পমান হৈ থাকে ৷ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ কাৰণে কোনো কাম কৰিব নোখোজে ৷ কেৱল মোৰ ভয়তহে শিৱসাগৰৰ উন্নয়নমূলক কামসমূহত অনুমোদন দিবলৈ বাধ্য হৈছে ৷"

ইফালে, শিৱসাগৰত বিজেপিৰ এখন সাংগঠনিক সভাত অংশ ল'বলৈ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে অনবৰতে চাৰ্কিট হাউছতে বহি থাকে বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে ৷ বিজেপিৰ দালালকেইটাক চাৰ্কিট হাউছটো ব্যৱহাৰ কৰিবলৈ দিব লাগে নেকি বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷ অসমৰ ৰাইজৰ টকাৰে চাৰ্টাৰ্ড ফ্লাইট লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাহিৰৰ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই চাটাৰ্ড প্লেন লৈ তোলনী বিয়া খাবলৈ যোৱা, আৰ এছ এছ কেম্পলৈ যোৱাটো অপৰাধ নহয় নেকি বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে । অসমৰ মহিলাসকলক ব্লেকমেইলিং কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷ বিজেপিৰ নিৰ্বাচনী সভালৈ নগ'লে তেওঁলোকে লাভ কৰি থকা আঁচনিসমূহ কৰ্তন কৰি দিয়া হ'ব বুলি দাবী ধমকিৰে মহিলাসকলক নিৰ্বাচনী সভাবোৰত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছে বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক:নিৰ্বাচনৰ ভোট নহয় সংখ্যালঘুৰ উন্নয়ন অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.