ETV Bharat / politics

থিয়ৈ থিয়ৈ টোপনি নোযোৱাকৈ সপোন দেখে ভূপেন বৰাই : জয়ন্ত মল্লবৰুৱা - BJP Joining Program

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:28 PM IST

BJP Joining program : মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত ডিফুত বিজেপিৰ বৃহৎ যোগদান কার্যসূচীত ৷ ভূপেন বৰাই '২৬ ত মুখ্যমন্ত্ৰী হোৱাৰ অলীক স্বপ্ন দেখিছে বুলি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ ৷

BJP JOINING PROGRAM
ডিফুত মন্ত্রী জয়ন্ত মল্লবৰুৱা

ডিফুত বিজেপিৰ বৃহৎ যোগদান কার্যসূচী

ডিফু, 28 মার্চ : "ভূপেন বৰা হ’ল অলীক কল্পনা কৰি থকা মানুহ ৷ থিয়ৈ থিয়ৈ টোপনি নোযোৱাকৈ ইমান ভাল সপোন দেখিব পৰা মানুহ লাগে ৷" প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী সন্দৰ্ভত কৰা মন্তব্যক কটাক্ষ কৰি এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ বৃহস্পতিবাৰে ডিফুত বিজেপিৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাক এইদৰে তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূপেন বৰাক কটাক্ষ কৰি আগতে ছিৰিয়েলত মুংগেৰীলাল চাইছিল, কিন্তু এতিয়া বাস্তৱত মন্ত্ৰীজনে মুংগেৰীলাল দেখিছে বুলি কয় ৷ লগতে ভূপেন বৰাই ভবাত আচৰিত হ’বলগা একো নাই ৷ তেনেকুৱা মানুহে ভাবিহে পাৰে, কাৰণ তেওঁৰ হৰাৰ ইতিমধ্যে ৰেকৰ্ড কিছুমান হৈছে আৰু কিছুমান ৰেকৰ্ড কৰিব পাৰিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

উল্লেখ্য যে, তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ 6 নং ডিফু জনজাতি লোকসভা সমষ্টিত শাসকীয় দললৈ বিৰোধী দলৰ নেতা-কৰ্মীৰ যোগদানৰ জোৱাৰ অব্যাহত আছে ৷ দেশৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পর্যায় অৰ্থাৎ 26 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ডিফু লোকসভা আসনখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ আজি ডিফুত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ হেলিকপ্টাৰ লৈ ডিফু ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱতৰণ কৰা মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ কার্যালয়ত উপস্থিত হৈ এখন যোগদান সভাত অংশগ্ৰহণ কৰে ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত আজি পৰিষদীয় মণ্ডল ধনশিৰি আৰু লুম্বাজং সমষ্টিৰ এহেজাৰ কংগ্ৰেছ সমর্থকে বিজেপি দলত যোগদান কৰে ৷ পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, বিজেপিৰ প্ৰার্থী অমৰছিং তিছ', জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং এই যোগদান সভাত উপস্থিত থাকে ৷ ডিফুত সংবাদমাধ্যমেৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে, ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ কাৰো সৈতে প্ৰতিদ্বন্দ্বিতাই নহয় ৷ অনায়াসে ডিফু লোকসভা সমষ্টি বিজেপিয়ে জয় কৰিব বুলি দাবী কৰে মন্ত্ৰী জয়ন্তমল্লই ৷


লগতে পঢ়ক : ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.