ETV Bharat / politics

কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি, শাসক-বিৰোধীৰ তৎপৰতা

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:05 PM IST

Lok Sabha Election 2024
কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি

Lok Sabha Election 2024: ৰাজ্যৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ লখিমপুৰ লোকসভা সমষ্টি । ৪ খন জিলাক সামৰি লোৱা এই সমষ্টিত দীৰ্ঘসময় ধৰি কংগ্ৰেছ আৰু অগপৰ শাসন আছিল । অৱশ্যে শেহতীয়াকৈ বিজেপিয়ে এই সমষ্টিত আধিপত্য বিস্তাৰ কৰিছে । কিন্তু এইবাৰ কি হ'ব ? ৰাইজৰ মাজত কি প্ৰতিক্ৰিয়া চলিছে ?

কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি

লখিমপুৰ,২ মাৰ্চ : সমাগত লোকসভা নির্বাচন । কিছুদিনৰ ভিতৰতে জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা । এই নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে তৎপৰতা গ্ৰহণ কৰিছে । লখিমপুৰ লোকসভা সমষ্টিটো একেই পৰিৱেশ দেখা গৈছে ।

কিন্তু কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি । মাজত মহাবাহু ব্ৰহ্মপুত্ৰ । দুয়োপাৰে ৯ টাকৈ বিধানসভা সমষ্টিক সামৰি গুৰুত্বপূৰ্ণ ১৪ নং লখিমপুৰ লোকসভা সমষ্টি । সমষ্টিটোৱে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি আছে । এই গুৰুত্বপূৰ্ণ সমষ্টিটোত বেছিভাগ সময় কংগ্ৰেছ দলে প্ৰভাৱ বিস্তাৰ কৰি আহিলেও অগপ দলেও একাধিকবাৰ দখল কৰিছে । পিছে ২০১৪ চনৰ পৰা বিশেষ পৰিৱৰ্তন আহিল সমষ্টিটোত । তেতিয়াৰে পৰা বিজেপিৰ দখলত আছে সমষ্টিটো ।

উল্লেখ্য যে ১৯৫২ চনত প্রথমবাৰ হোৱা নিৰ্বাচনত সমষ্টিটোত বিজয় সাব্যস্ত কৰিছিল কংগ্রেছৰ প্ৰাৰ্থী বি.জে নাথে । পৰৱৰ্তী সময়ত ১৯৫৭ চনত কংগ্রেছৰ প্ৰফুল্ল বৰুৱা বিজয়ী হয় । তেওঁ পৰৱৰ্তী ১৯৬২ চনৰ নিৰ্বাচনতো বিজয়ী হৈ একেৰাহে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰে । তেনেদৰে ১৯৬৭ আৰু ১৯৭২ চনত একেৰাহে দুবাৰকৈ নিৰ্বাচনত জয়ী হয় সাহিত্য আৰু শিক্ষা জগতৰ অন্যতম পুৰোধা ব্যক্তি কংগ্রেছৰ বিশ্ব নাৰায়ণ শাস্ত্ৰী । ১৯৭৭ চনত পুনৰ কংগ্রেছৰ প্ৰাৰ্থী ললিত দলে সমষ্টিটোৰ পৰা বিজয়ী হয় ।

পৰৱৰ্তী সময়ত ৰাজনৈতিক সংকটৰ ফলত ১৯৮৫ চনত হে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় । ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোত কংগ্রেছৰ দখল পিছলি পৰে । সেই নিৰ্বাচনত বিজয়ী হয় অগপৰ প্ৰাৰ্থী গকুল শইকীয়া । পিছে পৰৱৰ্তী ১৯৯১ চনৰ নিৰ্বাচনত পুনৰ কংগ্রেছে সমষ্টিটো দখল কৰে । সেইবাৰ বিজয়ী হয় কংগ্রেছৰ প্ৰাৰ্থী বলীন কুলি । পৰৱৰ্তী ১৯৯৬ চনৰ নিৰ্বাচনত পুনৰ অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মা বিজয়ী হয় ।

কেন্দ্রত চৰকাৰৰ ভঙাপতাৰ বাবে ১৯৯৮ আৰু ১৯৯৯ চনত হোৱা দুটাকৈ নিৰ্বাচনত কংগ্রেছৰ প্ৰাৰ্থী ৰাণী নৰহ বিজয়ী হয় । ২০০৪ চনত পুনৰ সমষ্টিটো দখল কৰে অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মাই । ২০০৯ চনৰ নিৰ্বাচনত পুনৰ ৰাণী নৰহে অগপৰ পৰা সমষ্টিটো কাঢ়ি ল'বলৈ সক্ষম হয় । ইয়াৰ পাছতে সমষ্টিটোৰ কংগ্রেছ অগপৰ দীৰ্ঘদিনীয়া দখল উফৰি পৰে ।

পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত ২০১৪ চনত প্রথমবাৰৰ বাবে সমষ্টিটো দখল কৰে ভাৰতীয় জনতা পাৰ্টী দলে । বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ২০১৪ চনৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটত জয়ী হয় । পৰৱৰ্তী ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা নিৰ্বাচনত অৱতীর্ণ হৈ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰাত ২০১৬ চনত হোৱা লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱা বিজয়ী হয় । ২০১৯ চনৰ নিৰ্বাচনতো প্ৰদান বৰুৱাই বিজয়ৰ মালা পিন্ধে আৰু বৰ্তমানলৈকে তেওঁৰ দায়িত্বতে আছে লখিমপুৰ লোকসভা সমষ্টিটো ।

দীর্ঘদিন ধৰি কংগ্রেছৰ লগতে অগপ আৰু শেহতীয়াকৈ বিজেপিৰ দখলত আছে এই সমষ্টিটো । কিন্তু জটিল ভৌগোলিক গাঁথনিৰ সমষ্টিটোৰ উন্নয়ন যেনেদৰে হ'ব লাগিছিল তেনেদৰে নহ'ল । বিশেষকৈ কংগ্রেছ আৰু অগপই এক দীঘলীয়া সময়ধৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল যদিও উন্নয়ন চকুত লগা ধৰণৰ নহ'ল । বগীবিল দলং আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ব্ৰডগজ ৰে'লসেৱাৰ বাহিৰে স্বাধীনোত্তৰ কালৰ পৰা লেখত ল'বলগীয়া উন্নয়ন নহ'ল সমষ্টিটোৰ ।

শেহতীয়াকৈ বিজেপিৰ কাৰ্যকালতো বিশেষ কোনো পৰিৱৰ্তনৰ বতাহ দেখা নগ'ল সমষ্টিটোত । কেৱল দুটামান বিধানসভা সমষ্টিত বিধায়ককেইজনৰ তৎপৰতাত সমষ্টিকেইটাৰ পৰিৱৰ্তন হৈছে যদিও সামগ্রিকভাৱে লোকসভা সমষ্টিটোৰ উন্নয়নৰ ছবি হতাশাজনক । সম্প্ৰতি লোকসভা নিৰ্বাচনক কেন্দ্র কৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা তুংগত উঠিছে । যিকোনো সময়তে দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিব পাৰে ।

শাসকীয় দল বিজেপি আৰু প্ৰধান বিৰোধী দলেও টঙালি বান্ধিছে । এনে সময়ত সমষ্টিটোৰ ভোটাৰে উভটি চাইছে সমষ্টিটোৰ পূৰ্বৰ ৰাজনৈতিক ৰেহৰূপ অথবা উন্নয়নৰ ধাৰাটো । শাসকীয় দলে উন্নয়নৰ বতৰা লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতিৰ বিপৰীতে শাসকীয় দলৰ ব্যৰ্থতাক লৈ ভোটাৰৰ কাষ চাপিব বিৰোধী দলসমূহ । একাংশ ভোটাৰে শাসকীয় দলৰ কাম-কাজত উন্নয়ন বিচাৰি পোৱাৰ বিপৰীতে আন একাংশই ব্যৰ্থতা বিচাৰি পাইছে । যিয়ে সমাগত নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে । ৰাজনৈতিক জোৰদাৰ বতাহে নে যোগ্য প্ৰাৰ্থীৰ প্ৰত্যয় ভৰা প্ৰতিশ্ৰুতিয়ে জনাদেশ প্ৰাৰ্থীৰ ভবিষ্যৎ নিৰ্ণয়ৰ দিশে বোৱাই নিব সেয়া চাবলৈ সমষ্টিটোৰ ভোটাৰে অপেক্ষা কৰিছে ।

লগতে পঢ়ক :নিবাৰ্চন আহিল: শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.