ETV Bharat / politics

প্ৰতিকূল বতৰৰ মাজতে শিলচৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:33 PM IST

Updated : Apr 21, 2024, 9:41 PM IST

AMIT SHAH IN SILCHAR
শিলচৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

প্ৰৱল বৃষ্টিপাতৰ মাজত বৰাকত নিৰ্বাচনী ৰণডংকা বজালে দেশৰ গৃহমন্ত্ৰীয়ে ৷ পুষ্পবৃষ্টিৰে ওপচাই পেলোৱা হ’ল গৃহমন্ত্ৰীগৰাকীক ৷ গৃহমন্ত্ৰীৰ ৰোড শ্ব’ৰ ফলত ব্যাহত হ’ল সাধাৰণ জনতাৰ যাতায়ত ৷

শিলচৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

শিলচৰ, 21 এপ্ৰিল: প্ৰতিকূল বতৰৰ মাজতে দেওবাৰে শিলচৰত উপস্থিত হৈ নিৰ্বাচনী ৰণডংকা বজালে দেশৰ গৃহমন্ত্ৰীয়ে ৷ বিয়লি বিশেষ বিমানেৰে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিচত হেলিকপ্টাৰেৰে শিলচৰ চহৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শিলচৰ চহৰত উপস্থিত হৈ বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে অমিত শ্বাহে ৷ উক্ত ৰোড শ্ব’ত হাজাৰ হাজাৰ বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰে ৷ ইফালে অমিত শ্বাহে ৰোড শ্ব’ কৰি থকাৰ সময়ত ৰাজপথৰ বিভিন্ন স্থানত মণিপুৰী, অসমীয়া, বেংগলী নৃত্য আদি পৰিৱেশন কৰে নৃত্যশিল্পীসকলে ।

ডিএছএ খেলপথাৰৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব’টো সমাপ্ত হয় ৰাধামাধৱ ৰোডত ৷ গৃহমন্ত্ৰীগৰাকীৰ সমগ্ৰ ৰোড শ্ব’টোৱে চেণ্ট্ৰেল ৰোড, প্ৰেমতলা, অম্বিকাপট্টী আৰু হাস্পতাল ৰোড পৰ্যন্ত সাঙুৰি লয় ৷ ৰোড শ্ব’টোত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এখন সুসজ্জিত বাহনৰ ওপৰত থিয় হৈ থকা দেখা গ’ল ৷

মুষলধাৰ বৰষুণৰ মাজতে হোৱা ৰোড শ্ব’টোৰ সময়ত অমিত শ্বাহক উদ্দেশ্যি পথৰ দুয়োকাষে থিয় হৈ থকা লোকসকলে ফুল ছটিওৱা দেখা যায় । ৰোড শ্ব’টোত সমবেত হোৱা জনতাৰ লগতে ঘৰৰ চাদত থকা লোকৰো সম্ভাষণ হাত জোকাৰি গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰায় এঘণ্টাজোৰা ৰোড শ্ব’টোৰ ফলত প্ৰায় 3-4 ঘণ্টা পৰ্যন্ত সাধাৰণ ৰাইজৰ যাতায়ত ব্যাহত হোৱা পৰিলক্ষিত হয় ৷ ৰোড শ্ব’টোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যয়ো সংগ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহক ।

লগতে পঢ়ক: মানুহ নাহিল; খালী চকীৰ সন্মুখত ভাষণ নিদি সভা বাতিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে

Last Updated :Apr 21, 2024, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.