ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে ৰাইজক আভুৱা ভৰাৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 4:44 PM IST

Gaurav Gogoi slams BJP: উজ্বলা,উদ্যমিতা আঁচনিয়েও ৰখাব পৰা নাই টীয়কৰ মহিলাক । টীয়কত শ শ মহিলা স্বতঃস্ফূর্তভাৱে ওলাই আহি উষ্ম আদৰণি জনালে গৌৰৱ গগৈক । কা আইন সম্পৰ্কত প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ ।

Lok Sabha election 2024
Gaurav Gogoi slams bjp

বিজেপিৰ বিৰুদ্ধে ৰাইজক আভুৱা ভৰাৰ অভিযোগ গৌৰৱ গগৈৰ

টীয়ক, ৯ এপ্ৰিল: যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মঙলবাৰে টীয়কৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহে বানে বিধ্বস্ত জাঁজীমুখত । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱক কাষত পাই উৎসাহিত হৈ পৰে জাঁজীমুখৰ ৰাইজ ।

জাঁজীমুখ কুমলীয়া চাপৰি অঞ্চলৰ পৰা শ শ যুৱকে মটৰ চাইকেল ৰেলী কৰি গৌৰৱ গগৈ জিন্দাবাদ,কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে আদৰি আনে । জাঁজীমুখৰ অন্যতম আকৰ্ষণ মিচিং জনগোষ্ঠীয় লোকনৃত্য তথা ঐনিতমেৰে সভাস্থলীলৈ গৌৰৱ গগৈক সম্ভাষণ জনাই শ শ সমৰ্থকে ।

প্ৰায় আঠ শতাধিক ৰাইজ উপস্থিত থকা উক্ত নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে বিজেপিৰ মিথ্যাচাৰত ভোল নাযাবলৈ আহ্বান জনাই আৰু কংগ্ৰেছৰ দিনত সাধাৰণ জনতাৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহকে নাম সলনি কৰি বিজেপিয়ে ৰাইজক আভুৱা ভাৰিছে বুলি কয় । বৰ্তমান দৰৱকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজক আঁচনিৰ প্ৰলোভন দি অসমীয়া সমাজখনক বিজেপিয়ে শোষণ কৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ।

ইপিনে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কা সম্পৰ্কত কোনো কথা উল্লেখ নাই বুলি বিৰোধীয়ে চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে কা বাতিলৰ দাবীত কংগ্ৰেছ দলৰ লগতে তেওঁ ব্যক্তিগতভাৱেও আদালতৰ দ্বাৰস্থ হৈছে । গতিকে কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমে জাতি, মাটি, ভেটি, ভাষা, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত কা আইন বাতিল কৰা হ'ব । লগতে তেওঁ কয় যে চাহ বাগিচাসমূহৰ বৰ্তমান অৱস্থা অতি শোচনীয় হৈ পৰিছে যাৰ বাবে চাহ শ্ৰমিকসকলে যদিও এফালে একাংশ আঁচনি পাইছে আনফালে কিন্তু জীৱন জীৱিকাক লৈ হতাশ হৈ পৰিছে ।

বিজেপি নেতা-মন্ত্ৰীয়ে চাহ বাগিচাৰ উন্নয়ন কৰাৰ নামত ব্যক্তিগত স্বাৰ্থত নিজৰ ইষ্ট-কুটুম্ব-বন্ধুক বিক্ৰী কৰি নিজৰহে উন্নয়ন সাধন কৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে । এইখন চৰকাৰে ৰাইজৰ কোনো সা-সমস্যা তথা দুখৰ চকুলো চিনি নাপাই কেৱল উন্নয়নৰ নামত সাধাৰণ জনতাক মাধমাৰ দি চৰকাৰ চলাই আছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে অৱশ্যে ৰাইজে এতিয়া সকলো বুজি পাইছে আৰু অহা ১৯ তাৰিখে এইসমূহ সমস্যা দিল্লীত উত্থাপন কৰাৰ লগতে সমাধানৰ বাবে কংগ্ৰেছৰ পক্ষত ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰাৰ্থী গৌৰৱ গগৈয়ে । ইপিনে জাঁজীমুখত সভা আৰম্ভ কৰি কাৱৈমাৰী গোহাঁই গাঁও,পহুচুঙী গাঁও, চিন্তামণিগড়কে ধৰি টীয়কৰ বিভিন্ন অঞ্চলত সমৰ্থকসকলক লগ ধৰি উৎসাহিত কৰি তোলে গৌৰৱ গগৈয়ে ।

উক্ত সমূহ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা পল্লবী গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ তথা ব্লকৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ? - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.