ETV Bharat / politics

ৰাজনীতি এৰাৰ ইংগিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:45 PM IST

Lok Sabha election 2024
ৰাজনীতি এৰাৰ ইংগিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ

Lok Sabha election 2024: পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিচতে এতিয়া চান্দিনী চকৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও ৰাজনীতি ত্যাগ কৰাৰ ইংগিত দিছে ।

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ শনিবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে পাঁচজন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে । প্ৰথম তালিকাত, বিজেপিয়ে বানচুৰী স্বৰাজকে ধৰি চাৰিজন নতুন প্ৰাৰ্থীক টিকট দিয়া পৰিলক্ষিত হৈছে । এই তালিকা অনুসৰি কেৱল মনোজ তিৱাৰীয়েহে তেওঁৰ টিকট বচাবলৈ সক্ষম হৈছে ।

ইফালে প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ পূৰ্বেই পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে শনিবাৰে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । ইয়াৰে সমান্তৰাকে দেওবাৰে চান্দিনী চকৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও ৰাজনীতি ত্যাগ কৰাৰ ইংগিত দিছে ৷

শনিবাৰে লোকসভা নিৰ্বাচনৰ প্ৰথমখন তালিকাত ডাঃ হৰ্ষবৰ্ধনৰ নাম নাছিল ৷ ইয়াৰ পিচতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক আবেগিক পোষ্ট কৰি ৰাজনীতি ত্যাগ কৰাৰ ইংগিত দিছে । ডাঃ হৰ্ষবৰ্ধনে এক্সত পোষ্ট কৰিছিল যে তেওঁ কৃষ্ণ নগৰৰ ক্লিনিকলৈ উভতি যাবলৈ অপেক্ষা কৰি আছে।

তেওঁ লগতে উল্লেখ কৰে যে, "পঞ্চাশ বছৰ আগতে যেতিয়া মই দৰিদ্ৰ লোকসকলক সহায় কৰাৰ ইচ্ছাৰে কাণপুৰৰ জিএছভিএম চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছত নাম ভৰ্তি কৰিছিলো, মানৱজাতিৰ সেৱা মোৰ মূলমন্ত্ৰ আছিল । মই সদায় দীন দয়াল উপাধ্যায়জীৰ অন্ত্যোদয় দৰ্শনৰ প্ৰশংসক হৈ আহিছো ৷ মই মোৰ দলৰ সকলো কৰ্মী, মোৰ অনুৰাগী, সমৰ্থক, সাধাৰণ নাগৰিকৰ লগতে মোৰ দলৰ নেতাসকলক ধন্যবাদ জনাব বিচাৰো । তেওঁলোকে মোক তিনি দশক জুৰি এই ৰাজনীতিৰ যাত্ৰাত অৰিহণা যোগাইছে । মই স্বীকাৰ কৰো যে, মই ভাৰতৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰিছো । মই তেওঁ পুনৰ ক্ষমতালৈ উভতি অহাৰ কামনা কৰিছো ।"

"মই ধঁপাত আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মোৰ কাম অব্যাহত ৰাখিম ৷ মোৰ এটা সপোন আছে আৰু মই জানো যে আপোনাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে । কৃষ্ণ নগৰত থকা মোৰ ইএনটি ক্লিনিকখনে মই উভতি অহাৰ বাবে অপেক্ষা কৰি আছে ।" প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰে ৷

লগতে পঢ়ক: ব্লু ছেফায়াৰ মলত অঘটন : দুজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.