ETV Bharat / politics

কংগ্ৰেছ ত্যাগ কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:48 PM IST

Shankar Prasad Ray
কংগ্ৰেছ ত্যাগ শংকৰ প্ৰসাদ ৰায়ৰ

Shankar Prasad Ray: শংকৰ প্ৰসাদ ৰায়ে বিজপিত যোগদান কৰাটো নিশ্চিত ৷ মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিলে প্ৰাক্তন আছু নেতাগৰাকীয়ে ৷

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগদান কৰাটো অৱশেষত নিশ্চিত হ’ল । বিজেপিত যোগদান কৰাৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ে । ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব শংকৰ প্ৰসাদ ৰায়ে । ইয়াৰ পূৰ্বে আজি তেওঁ কংগ্ৰেছ ত্যাগ কৰে ।

Shankar Prasad Ray
কংগ্ৰেছ ত্যাগ শংকৰ প্ৰসাদ ৰায়ৰ

আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে আজি প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ আনুষ্ঠানিভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । পদত্যাগৰ কাৰণ তেওঁ ব্যক্তিগত অসুবিধা বুলি উল্লেখ কৰিছে যদিও বিজেপিত যোগদানৰ বাবেই কংগ্ৰেছ ত্যাগ কৰাৰ বিষয়টো এতিয়া গোপন হৈ থকা নাই । প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ দিয়া পদত্যাগ পত্ৰত তেওঁ কংগ্ৰেছৰ সকলো পদবী আৰু দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা সদৰী কৰিছে ।

লক্ষ্যণীয় বিষয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে এটাৰ পিচত আনটোকৈ মোক্ষম আঘাতৰ সন্মূখীন হ'বলগীয়া হৈছে । কিছুদিন পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা যোগদানৰ একেটা অনুষ্ঠানতে আছুৰ কেবাজনো প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰিছিল ।

ইয়াৰ ভিতৰত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, প্ৰাক্তন বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাস অন্যতম ।

উল্লেখ্য যে বহুকেইজন প্ৰাক্তন আছু নেতাৰ সমাগম ঘটা বিজেপিলৈ অৱশেষত অহাৰ বাবে সাজু হৈছে আছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় । আছু এৰি কংগ্ৰেছত যোগদান কৰি ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ কোনো সফলতা অৰ্জন কৰিব নোৱাৰা শংকৰ প্ৰসাদ ৰায় এইবাৰ পুনৰ গেৰুৱা হ’ব ।

লক্ষ্যণীয় বিষয় যে শংকৰ প্ৰসাদ ৰায়ৰ লগতে একেলগে আছু কৰা তপন গগৈয়ে আছু ত্যাগ কৰাৰ পিচত বিজেপিত যোগদান কৰিছিল । বৰ্তমান তপন গগৈ বিজেপিৰ সাংসদ । সেই সময়ত শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগদান কৰিছিল যদিও টিকটৰ বাবে কংগ্ৰেছত যোগদান কৰিছিল । কিন্তু কংগ্ৰেছত কোনো ধৰণৰ ভৱিষ্যৎ নেদেখি শংকৰ প্ৰসাদ ৰায়েও শাসকীয় দলটোৰ শৰনাপন্ন হ’বলৈ গৈছে । অৱশ্যে নেতাৰ অভাৱ নথকা বিজেপিত শংকৰ প্ৰসাদ ৰায়ৰ কি উত্থান হয় সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: বিৰোধী ঐক্যত ফাঁট; ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীৰ সৈতে ৰাজনৈতিক যুঁজত নামিব INDI ঐক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.