ETV Bharat / politics

পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 2:31 PM IST

Bhabesh Kalita on LS election 2024 : ৰঙিয়াত সংবাদ মাধ্যমৰ সমুখত কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু অজাপ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ বিপুল ভোটত সৰ্বানন্দ সোণোৱাল জয়ী হ’ব বুলি দাবী কলিতাৰ ৷

Due to fear of defeat Congress leader Gaurav Gogoi changed his constituency for LS Election 2024
পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 16 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ হৈছে বিজেপি দল ৷ ঠায়ে ঠায়ে বিভিন্ন আধাৰশিলা স্থাপন তথা উন্নয়নমূলক কাম-কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দলটোক ৷ ৰঙিয়াত এক ৰাজহুৱা অনুষ্ঠানত শুকুৰবাৰে অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ সভাত অংশ লৈ সংবাদ মাধ্যমৰ সমুখত সাংসদ তথা লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু অজাপ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰে ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, " গৌৰৱ গগৈ এগৰাকী পলায়নবাদী নেতা । সেইকাৰণে তেওঁ নিৰ্বাচনৰ বাবে কজিৰঙা এৰি যোৰহাটলৈ গ’ল ।" বিজেপিৰ নেতাগৰাকীয়ে নিজৰ ক্ষেত্ৰ এৰি কোন যায় বুলি সংবাদ মাধ্যমৰ সমুখত প্ৰশ্ন উত্থাপন কৰি কয় যে যাৰ মনত দুৰ্বলতা থাকে আৰু নিৰ্বাচন জিকিব বুলি আত্মবিশ্বাস নাথাকে তেওঁহে এনেধৰণৰ কাম কৰে । সাংসদ গৌৰৱ গগৈয়ো নিজৰ সমষ্টিৰ পৰা হাৰিব বুলি নিশ্চিত হৈছে বাবেই বেলেগ সমষ্টিলৈ ঢাপলি মেলিছে বুলি কয় ৰঙিয়াৰ বিজেপি বিধায়ক ভৱেশ কলিতাই ।

ইফালে, ডিব্ৰুগড় সমষ্টিত বিজেপিয়ে ভয়তে প্ৰাৰ্থী আঁতৰোৱা বুলি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ নেতাগৰাকীয়ে কয়, "সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ জোৰদাৰ প্ৰাৰ্থী । সকলো জাতিৰ সমীকৰণ মিলাই বিজেপিয়ে ৰাজনীতি কৰি আহিছে । আনহাতে কলিয়াবৰ সমষ্টিত কামাখ্যা প্ৰসাদ তাছাক প্ৰক্ষেপ কৰিছে বিজেপিয়ে । সেয়েহে বিপুল ভোটত জয়ী হ’ব সৰ্বানন্দ সোণোৱাল ।"

উল্লেখযোগ্য যে, শুকুৰবাৰৰ দিনটোত ৰঙিয়াৰ বিধায়কগৰাকীয়ে 25 টাকৈ নৱনিৰ্মিত পকীপথ উদ্বোধন কৰে । প্ৰায় 25 কোটি টকা ব‍্যয় সাপেক্ষে নিৰ্মিত পথকেইটাৰ মুঠ দৈৰ্ঘ প্ৰায় 28 কিলোমিটাৰ ।

লগতে পঢ়ক: কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.