ETV Bharat / politics

বাৰ্ধক্য-পক্ষাঘাত নেওচি গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 5:04 PM IST

LOK SABHA ELECTION 2024
লোকসভা নিৰ্বাচন

বয়সৰ বাধা নেওচি 90 বছৰীয়া হৰেন্দ্ৰ নাথ বৰুৱাই ভোট দিলে কলিয়াবৰত ৷ খোজকাঢ়িয়েই গ’ল বহু দূৰ ৷ জুৰিলে বিহুনাম ৷ লখিমপুৰতো শাৰীৰিক অসুস্থতা নেওচি গণতন্ত্ৰৰ উৎসৱত অংশ ল’লে বহুলোকে ৷ পক্ষাঘাতগ্ৰস্ততাৰ বাবে পুত্ৰৰ কান্ধত উঠি ভোটদানৰ বাবে আহিল এগৰাকী লোক ৷

নিউজ ডেস্ক, 19 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হৈছে দেশৰ সাধাৰণ নিৰ্বাচন ৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ এই মহোৎসৱত অংশগ্ৰহণৰ বাবে হিলদ'ল ভাঙি ওলাই আহিছে ভোটাৰ ৷ অশীতিপৰসকলো সোমাই থকা নাই ঘৰত । বাৰ্ধক্যক নেওচি 5 বছৰৰ বাবে চৰকাৰ গঠনত সহযোগিতা আগবঢ়াবলৈ ওলাই আহিল ককা-আইতাসকলো ৷ শাৰিৰীকভাৱে অক্ষম সকলেও আনৰ কান্ধত উঠি আহিল ভোট দিবলৈ । ৰাজ্যৰ ভিন্ন স্থানত দেখা গৈছে এনে ইতিবাচক দৃশ্য ৷

পক্ষাঘাত নেওচি গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ লখিমপুৰত

লখিমপুৰ: লখিমপুৰত হিলদল ভাঙি ভোট দিবলৈ ওলাল অশীতিপৰ বৃদ্ধ, শাৰিৰীকভাৱে অক্ষম লোক । শুকুৰবাৰে পুৱাৰে পৰা হোৱা ভোটগ্ৰহণত লখিমপুৰত এক আশাব্যঞ্জক প্ৰতিচ্ছবি প্ৰতিফলিত হয় । বিভিন্ন ভোটকেন্দ্ৰত ভোট দিবলৈ ৰাইজৰ হেতাওপৰা পৰিলক্ষিত হয় । নিৰাপত্তাৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ ব্যস্ত থাকিবলগীয়া পৰিৱেশ সৃষ্টি হয় ৷

এইবাৰৰ ভেটদানত সবাতোকৈ এক লক্ষ্যণীয় দিশ প্ৰতিফলিত হয় । আন ভোটাৰৰ দৰে অশীতিপৰ বৃদ্ধ-বৃদ্ধাসকলে শাৰিৰীক দুৰ্বলতাকো নেওচি আনৰ সহায় লৈ হ’লেও ভোট দিবলৈ আহে । ৰোগগ্ৰস্ত হৈ শাৰিৰীকভাৱে অক্ষম হৈ পৰা লোকো আনৰ কান্ধত উঠি ভোট দিবলৈ আহে । ভোট দিয়াৰ বাবে চৰকাৰৰ আহ্বানক উপেক্ষা কৰিব নোৱাৰি থৰক-বৰককৈ বহু বৃদ্ধলোকে ভোট দিবলৈ অহা বুলি কয় ।

90 বছৰীয়া হৰেন্দ্ৰ নাথ বৰুৱাই ভোট দিলে কলিয়াবৰত

কলিয়াবৰ: কলিয়াবৰৰ ১০ নং ন-সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ১২৫ নং ভোটগ্ৰহণ কেন্দ্ৰত ৯০ বছৰীয়া হৰেন্দ্ৰ নাথ বৰুৱাই গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ লাখুটি লৈ আহিল । দেশৰ নিৰ্বাচন আয়োগে ৮৫ৰ উৰ্দ্ধৰ আৰু বিশেষভাৱে সক্ষম ব্যক্তিক ঘৰতে ভোট দিয়াৰ ব্যৱস্থা কৰিছিল যদিও ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ বৰুৱাচুক গাঁৱত নিৰ্বাচনী বিভাগৰ চকু নপৰিল ।

সেয়ে লাখুটিত ভৰ দি ৯০ বছৰীয়া হৰেন্দ্ৰ নাথ বৰুৱাই অকলেই ভোট দিবলৈ ওলাই আহিল । বিভাগে টিভি, বাতৰি কাকত আদিত বয়সীয়া ভোটদাতাক ঘৰতে ভোট দিয়াৰ সুবিধাৰ প্ৰচাৰ চলাইছিল যদিও বৰুৱাচুক গাঁৱত তেনে সুবিধাৰ পৰা বঞ্চিত হ'ল ব্যক্তিজন । তথাপিও ক্ষোভ নাই ব্যক্তিগৰাকীৰ । সত্য-শুদ্ধ, জ্ঞান অখণ্ডিত এখন চৰকাৰ বিচাৰি ভোটদান কৰিবলৈ আহিছে বুলি জনায় বৃদ্ধগৰাকীয়ে ।

ইফালে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত যোগদান কৰিবলৈ আহি এসময়ৰ বিহুৱাগৰাকীয়ে বিহুৰ বতৰত জুৰিলে বিহুনাম ।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : দেৰগাঁৱত প্ৰায় ৬ শতাধিক লোকৰ ভোট বৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.