ETV Bharat / politics

22 ফেব্ৰুৱাৰী পাৰ হ’ল, কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাম মন্দিৰলৈ নগ’ল অসমৰ মন্ত্ৰীসকল

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 5:24 PM IST

Updated : Feb 24, 2024, 7:23 PM IST

Assam cabinet Ram Mandir Visit
অসম চৰকাৰৰ ৰাম মন্দিৰ দৰ্শন

Assam cabinet Ram Mandir Visit: 22 ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শনৰ কথা আছিল অসমৰ মন্ত্ৰীসকলে ৷ সেয়া আছিল কেবিনেটৰ সিদ্ধান্ত ৷ কিন্তু 22 ফেব্ৰুৱাৰীত অন্যান্য কাৰ্যসূচীতহে ব্যস্ত থাকিল মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসকল ৷

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী: 22 জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত ৰামালালাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৰামলালাৰ ৷ অযোধ্যাৰ সেই উৎসৱমুখৰ পৰিৱেশত উপস্থিত আছিল দেশৰ লক্ষ-লক্ষ ৰামভক্ত ৷ উক্ত বিশেষ ক্ষণটোৰ সাক্ষী হৈছিল দেশৰ ভিন্ন প্ৰান্তৰ লোক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানটোত অৱশ্যে উপস্থিত থকাৰ পৰা বিৰত আছিল দেশৰ মুখ্যমন্ত্ৰীসকল ৷ অৱশ্য মুখ্যমন্ত্ৰীসকল উক্ত অনুষ্ঠানলৈ যাব নালাগে বুলিয়েই একপ্ৰকাৰে নিৰ্দেশনা দিয়া হৈছিল ৷ ব্যতিক্ৰম আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ৷ মুখ্যমন্ত্ৰীগৰাকীক দেখা গৈছিল প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত ৷

বহু প্ৰতিক্ষিত দিনটোত উপস্থিত থকাৰ পৰা বিৰত হ’বলগীয়া হোৱাৰ পিচতে 22 জানুৱাৰীতে অসম চৰকাৰৰ কেবিনেটে লৈছিল এক বিশেষ সিদ্ধান্ত ৷ সেই অনুসৰি পৰৱৰ্তী মাহত, অৰ্থাৎ ফেব্ৰুৱাৰীৰ 22 ত অসম কেবিনেটে ৰাম মন্দিৰ দৰ্শনৰ সিদ্ধান্ত লৈছিল ৷ উক্ত সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগেও জনাইছিল ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অসম কেবিনেটে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাৰতবাসীক শুভেচ্ছা জনায় । ইয়াৰোপৰি তেওঁ কৈছিল যে অসম কেবিনেটে ২২ ফেব্ৰুৱাৰীত ৰামলালা দৰ্শনৰ বাবে অযোধ্যালৈ যাব ৷

কিন্তু 22 ফেব্ৰুৱাৰী পাৰ হৈ যোৱা দুদিন হ’ল ৷ অসম কেবিনেটৰ সেই সিদ্ধান্ত ৰূপায়ন হোৱা দেখা নগ’ল ৷ বিপৰীতে 22 ফেব্ৰুৱাৰীত অসম মন্ত্ৰীসভাৰ একাংশ মন্ত্ৰী ব্যস্ত থাকিল ৰাজ্যৰ ভিন্ন স্থানত ভূমি পট্টা বিতৰণ কৰাত ৷ একাংশ মন্ত্ৰী ব্যস্ত থাকিল বিধানসভাৰ বাজেট অধিৱেশনত ৷ অৰ্থাৎ বাতিল হ’ল অথবা স্থগিত ৰখা হ’ল অসম মন্ত্ৰীসভাৰ অযোধ্যা যাত্ৰা কাৰ্যসূচী ৷

উল্লেখ্য যে 22 জানুৱাৰীত কেবিনেটে উক্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ কেবিনেটৰ উক্ত সিদ্ধান্ত সমালোচিত হৈছিল ভিন্ন মহলত ৷ মন্ত্ৰীসকলে ৰাজকোষৰ ধন খৰচ কৰি ৰাম মন্দিৰলৈ যোৱাৰ বিষয়টোক সমালোচনা কৰিছিল ভিন্ন মহলে ৷ তদুপৰি কমেও এটা দিন দিছপুৰ খালী কৰি ৰাম মন্দিৰলৈ মন্ত্ৰীসকলৰ যাবলৈ ওলোৱা বিষয়টোকো সহজভাৱে লোৱা নাছিল বহুতে ৷ হয়তো এনেধৰণৰ সমালোচনাৰ সন্মুখীন হৈয়েই কেবিনেটৰ সিদ্ধান্ত স্বত্বেও ৰাম মন্দিৰ দৰ্শনৰ পৰা বিৰত আছে অসমৰ মন্ত্ৰীসকল ৷

ইয়াৰ বিপৰিতে যোৱা 6 ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু তেওঁৰ কেবিনেটে ৰাম মন্দিৰ দৰ্শন কৰে ৷ অৰুণাচল প্ৰদেশ কেবিনেট অযোধ্যাৰ মহৰ্ষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে তেওঁলোকক উষ্ম আদৰণিও জনোৱা হয় । পেমা খাণ্ডুৰ সহযোগী, বিধানমণ্ডল আৰু বিষয়াসহ ৭০ গৰাকী লোকে ৰাম মন্দিৰৰ আশিস গ্ৰহণ কৰে ৷

লগতে পঢ়ক: বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি সাংসদ আজমলৰ দুখ প্ৰকাশ

Last Updated :Feb 24, 2024, 7:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.